
ৱেলিংটন, ২৪ জুন (হি.স.)। নিউজিলেণ্ডৰ প্ৰাক্তন বেগী বলাৰ বব ব্লেয়াৰৰ ৯৪ সংখ্যক জন্মদিনৰ দিনা বুধবাৰে ইংলেণ্ডত মৃত্যু হয়। নিউজিলেণ্ড ক্ৰিকেটে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে।
বব ব্লেয়াৰে ১৯৫৩ চনৰ পৰা ১৯৬৪ চনৰ ভিতৰত নিউজিলেণ্ডৰ হৈ ১৯খন টেষ্ট মেচ খেলিছিল আৰু গড়ে ৩৫.২৩ ৰানত ৪৩টা উইকেট দখল কৰিছিল। অৱশ্যে ক্ৰিকেট ইতিহাসত তেওঁৰ পৰিসংখ্যাতকৈ তেওঁৰ উল্লেখযোগ্য দুঃসাহসিক অভিযানৰ বাবেহে তেওঁক বেছিকৈ স্মৰণ কৰা হয়।
টাংগাইৱাই ৰে’ল দুৰ্ঘটনাৰ পিছত ব্লেয়াৰে অদম্য সাহস প্ৰদৰ্শন কৰে। ১৯৫৩ চনত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ এলিছ পাৰ্কত অনুষ্ঠিত হোৱা টেষ্ট মেচৰ সময়ত ব্লেয়াৰে জীৱনৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডীৰ সন্মুখীন হ’বলগীয়া হয়। খেলখনৰ দ্বিতীয় দিনৰ পুৱাতে তেওঁ গম পায় যে বৰদিনৰ পূৰ্বে সংঘটিত হোৱা ভয়ানক টাংগাইৱাই ৰে’ল দুৰ্ঘটনাত নিহত ১৫১ জন লোকৰ ভিতৰত তেওঁৰ প্ৰেমিকা নেৰিছা লভো আছে। এই মৰ্মান্তিক খবৰৰ পিছত ব্লেয়াৰে নিজৰ হোটেলত থাকিছিল যদিও পিছত উল্লেখযোগ্য সাহস প্ৰদৰ্শন কৰি খেলপথাৰলৈ উভতি আহিছিল। নিউজিলেণ্ডৰ ইনিংছৰ সময়ত নৱম উইকেট খহি পৰাৰ পাছত তেওঁ বেটিং কৰিবলৈ ওলাই আহি আঘাতপ্ৰাপ্ত বেটছমেন বাৰ্ট ছাটক্লিফক সমৰ্থন কৰে। ফাইনেল উইকেটৰ বাবে দুয়োজনে ৩৩ ৰান সংযোজন কৰে। ব্লেয়াৰে ৬ ৰান সংগ্ৰহ কৰিছিল যদিও তেওঁৰ ইনিংছক ক্ৰিকেট ইতিহাসৰ অন্যতম প্ৰেৰণাদায়ক ইভেণ্ট হিচাপে গণ্য কৰা হয়।
টাংগাইৱাই শ্বিল্ডৰ জৰিয়তে তেওঁৰ উত্তৰাধিকাৰ জীয়াই আছে। ২০২৪ চনৰ পৰা টাংগিৱাই শ্বিল্ড হৈছে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলা, ১৯৫৩ চনৰ ট্ৰেজেডী আৰু ব্লেয়াৰৰ সাহসক উৎসৰ্গিত।
নিউজিলেণ্ড ক্ৰিকেটৰ অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী গ্ৰেহাম পাৰ্কছে কয় যে, বব ব্লেয়াৰ আৰু টাংগাইৱাই ৰে’ল দুৰ্ঘটনাৰ কাহিনীয়ে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা উভয়ৰে ক্ৰিকেটৰ ইতিহাসত এক চিৰস্থায়ী ছাপ ৰাখিছে। ১৯৫৩ চনৰ এলিছ পাৰ্ক টেষ্টৰ সময়ত তেওঁলোকৰ সাহস আৰু দলীয় মনোভাৱ প্ৰদৰ্শন এই খেলৰ অন্যতম ডাঙৰ উদাহৰণ।
তেওঁ কয় যে টাংগাইৱাই শ্বিল্ড মুকলি কৰি সেই প্ৰেৰণাদায়ক কাহিনীটোক সন্মান জনোৱাটো এক গভীৰভাৱে আৱেগিক মুহূৰ্ত আৰু ই ব্লেয়াৰৰ উত্তৰাধিকাৰ চিৰদিনৰ বাবে জীয়াই ৰাখিব।
তৃতীয় টেষ্টত ক’লা পটি পিন্ধিব খেলুৱৈ
নিউজিলেণ্ড ক্ৰিকেটে ঘোষণা কৰিছে যে বৃহস্পতিবাৰৰ পৰা নটিংহামত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টেষ্টৰ প্ৰথম দিনাই নিউজিলেণ্ডৰ খেলুৱৈসকলে বব ব্লেয়াৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ ক’লা পটি পিন্ধি খেলপথাৰত নামিব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া