হাফলং–নিউ হাফলং ট্ৰান্সমিছন লাইন সক্ৰিয়কৰণৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বৈদ্যুতিকৰণৰ দিশত উল্লেখনীয় সফলতা অৰ্জন
গুৱাহাটী, ২৪ জুন (হি.স.)। সম্পূৰ্ণ ৰেলৱে বৈদ্যুতিকৰণৰ অভিযানত উত্তৰ-পূব সীমান্ত ৰেলৱেই ১৭ জুন, ২০২৬ তাৰিখে ১৪:২২ বজাত হাফলং গ্ৰিড চাব-ষ্টেচন (জিএছএছ) ৰ পৰা নিউ হাফলং ট্ৰেকচন চাব-ষ্টেচন (এনএইচএলজি টিএছএছ)লৈ ১৩২ কেভি ট্ৰান্সমিছন লাইন সফলতাৰে সক্ৰিয়কৰ
হাফলং–নিউ হাফলং ট্ৰান্সমিছন লাইন সক্ৰিয়কৰণৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বৈদ্যুতিকৰণৰ দিশত উল্লেখনীয় সফলতা অৰ্জন


গুৱাহাটী, ২৪ জুন (হি.স.)। সম্পূৰ্ণ ৰেলৱে বৈদ্যুতিকৰণৰ অভিযানত উত্তৰ-পূব সীমান্ত ৰেলৱেই ১৭ জুন, ২০২৬ তাৰিখে ১৪:২২ বজাত হাফলং গ্ৰিড চাব-ষ্টেচন (জিএছএছ) ৰ পৰা নিউ হাফলং ট্ৰেকচন চাব-ষ্টেচন (এনএইচএলজি টিএছএছ)লৈ ১৩২ কেভি ট্ৰান্সমিছন লাইন সফলতাৰে সক্ৰিয়কৰণ কৰি এক উল্লেখনীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

এই ট্ৰান্সমিছন লাইনৰ সক্ৰিয়কৰণে লামডিং–বদৰপুৰ পাৰ্বত্য খণ্ডৰ অন্তৰ্গত ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ অংশ সম্পূৰ্ণ কৰিলে। নিউ হাফলং ট্ৰেকচন চাব-ষ্টেচনৰ কমিছনিঙে এই প্ৰত্যাহ্বানমূলক পাৰ্বত্য ৰেলপথত বৈদ্যুতিক ৰেল চলাচল সক্ষম কৰাৰ দিশত এক বৃহৎ পদক্ষেপ। এই ৰেলপথটোৱে বৰাক উপত্যকা আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহক দেশৰ বাকী অংশৰ সৈতে সংযোগকাৰী এক গুৰুত্বপূৰ্ণ ৰেল লিংক হিচাপে সেৱা আগবঢ়ায়।

ট্ৰেন্সমিছন লাইনৰ সফল সক্ৰিয়কৰণৰ ফলত ট্ৰেকচন পাৱাৰ চাপ্লাই আন্তঃগাঁথনিৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। প্ৰকল্পটো এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে আৰু অপৰিহাৰ্য পৰীক্ষণ, পৰিদৰ্শন আৰু ট্ৰায়েল ৰান সম্পূৰ্ণ হোৱাৰ পাছত অনাগত সপ্তাহসমূহত বৈদ্যুতিক ৰেল চলাচলৰ বাবে এই খণ্ডটো কমিছন কৰা হ’ব বুলি আশা কৰা হৈছে।

লামডিং–বদৰপুৰ পাৰ্বত্য খণ্ডৰ বৈদ্যুতিকৰণে পৰিচালনগত দক্ষতা বৃদ্ধি কৰি, জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব, পৰিবহন ক্ষমতা উন্নত কৰিব, ৰক্ষণাবেক্ষণ খৰচ হ্ৰাস কৰি পৰিৱেশ অনুকূল, ৰেল পৰিচালনাত উল্লেখযোগ্য অৰিহণা যোগাব।

উত্তৰ-পূব সীমান্ত ৰেলৱেই এই অঞ্চলত আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু অধিক দ্ৰুত, সেউজ আৰু উপযুক্ত ৰেল সেৱা প্ৰদানৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande