
ধুবুৰী, ২৪ জুন (হি.স.): ধুবুৰী জিলাৰ চাপৰত যোৱা কালি মঙলবাৰে নিশা পুনৰ এক দুৰ্ঘটনা সংঘটিত হয় । ১৭ নং ৰাষ্টীয় ঘাইপথ এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। চাপৰৰ মাজমজিয়াত এই ভয়ংকৰ দুৰ্ঘটনাত বাইক আৰোহী এজন দুৰ্ঘটনাত পতিত হয়।
জানিব পৰা মতে বাইক আৰোহী জন গুৰুত ভাবে আঘাত প্ৰাপ্ত হৈছে । আহত লোকজনক ততালিকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত পতিত হোৱা বাইক এখনৰ নম্বৰ এএছ ১৯ এম ৫৬৮৭ বুলি কোৱা হৈছে। পিছত যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা বাইক খন চাপৰ আৰক্ষী চকীলৈ লৈ যায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ