অবৈধ মদৰ ঘাটিৰ বিৰুদ্ধে শ্ৰীভূমি আৰক্ষীৰ ব্যাপক অভিযান
শ্ৰীভূমি, ২৪ জুন (হি.স.)। অবৈধ মদৰ ঘাটিৰ বিৰুদ্ধে শ্ৰীভূমি আৰক্ষীৰ ব্যাপক অভিযান। ঠায়ে ঠায়ে উৎখাত কৰিলে কেবাটাও অবৈধ মদৰ ঘাটি । শ্ৰীভূমি চহৰত অধিকাংশ অবৈধ মদৰ ব্যৱসায়ীৰ সৈতে আবকাৰী বিভাগৰ গোপন বুজাবুজিৰ অভিযোগ বহু পুৰণি। ফলতে বুজাবুজিৰ অংকত চ
অবৈধ মদৰ ঘাটিৰ বিৰুদ্ধে শ্ৰীভূমি আৰক্ষীৰ ব্যাপক অভিযান


শ্ৰীভূমি, ২৪ জুন (হি.স.)। অবৈধ মদৰ ঘাটিৰ বিৰুদ্ধে শ্ৰীভূমি আৰক্ষীৰ ব্যাপক অভিযান। ঠায়ে ঠায়ে উৎখাত কৰিলে কেবাটাও অবৈধ মদৰ ঘাটি ।

শ্ৰীভূমি চহৰত অধিকাংশ অবৈধ মদৰ ব্যৱসায়ীৰ সৈতে আবকাৰী বিভাগৰ গোপন বুজাবুজিৰ অভিযোগ বহু পুৰণি। ফলতে বুজাবুজিৰ অংকত চহৰৰ মুখ্য বজাৰত কেবাটাও অবৈধ ঘাটিৰ লগতে কৰিমগঞ্জ ৰেল ষ্টেচন সংলগ্ন এলাকাত নিৰ্বিঘ্নে বেহা চলাই গৈছিল এচাম অসাধু চক্ৰই। পিছে অভিযোগ লাভ কৰি শ্ৰীভূমি আৰক্ষীৰ এটা বৃহৎ দলে নিশা চহৰৰ বিভিন্ন এলাকাত অভিযান চলাই কেইবাটাও অবৈধ মদৰ ঘাটি উৎখাত কৰে । এনে ধৰনৰ অভিযান অহা সময়তো অব্যাহত থাকিব বুলি জনায় আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande