
নতুন দিল্লী, ২৪ জুন (হি.স.)। কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল-থানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেলিফোন কৰি কাটাৰৰ ৰাছ লফান ঔদ্যোগিক চহৰত ২১ জুনত সংঘটিত হোৱা দুৰ্ঘটনাটোত ১২ জন ভাৰতীয় নাগৰিকৰ মৃত্যুত শোক প্ৰকাশ কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ আমিৰক শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আহতসকলক তাৎক্ষণিক চিকিৎসা সাহায্য প্ৰদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি কালি দুয়োগৰাকী নেতাই নিজৰ নাগৰিকৰ কল্যাণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ দায়বদ্ধতা পুনৰ প্ৰকাশ কৰাৰ লগতে সমৰ্থন আৰু সংহতি পুনৰ দৃঢ় কৰে।
পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে শান্তি প্ৰচেষ্টাত কাটাৰৰ ইতিবাচক অৱদানৰ শলাগ লয় আৰু এই প্ৰচেষ্টাসমূহে অঞ্চলটোত স্থায়ী শান্তি আৰু স্থিতিশীলতাৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে দুয়োগৰাকী নেতাই সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰকাশ কৰে। নিয়মীয়া যোগাযোগত থাকিবলৈ সন্মত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া