
বৰপেটা, ২৪ জুন (হি.স.)। বৰপেটাৰ চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা ।
বলেৰো পিকআপ বাহনৰ খুন্দাত থিতাতে নিহত ২১ বছৰীয়া যুৱকৰ ।
চেঙা কিষাণ পেট্ৰ'ল পাম্পৰ সন্মুখত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।
পথ দুৰ্ঘটনাত থিতাতে নিহত পোনা আলী ( ২১)
নিহত যুৱক পোনা আলীৰ ঘৰ চেঙা আদৰ্শ মুছলমান গাঁৱত
এ এছ ২৫ ডি চি ২৯৪৫ নম্বৰৰ বলেৰো পিকআপ বাহন খন আৰু আৰ ১৫ বাইক খন জব্দ কৰি থানালৈ লৈ যায়
নিহত পনা আলীয়ে এ এছ ২১ এম ৮৩৪৬ নম্বৰৰ আৰ ১৫ বাইক খনেৰে বৰপেটা দৌলাশ পথেৰে গৈ থকা অৱস্থাত নম্বৰৰ তীব্ৰবেগী বলেৰো পিকআপ বাহন খনে খুণ্ডা মৰাৰ ফলত থিতাতে নিহত হয় যদিও চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় স্থানীয় লোকে পৰবৰ্তী সময়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা