
ধুবুৰী, ২৪ জুন (হি.স.)। ই-ৰিক্সাত উঠি ভৈষপাৰাৰ জৰাজীৰ্ণ পথ পৰিদৰ্শন বিধায়ক জীৱেশ ৰায়ৰ।
আজি বিলাসীপাৰা বিধানসভা সমষ্টিৰ বিধায়ক জীৱেশ ৰায়ে সমষ্টিটোৰ অধীনস্থ ভৈষপাৰা গাঁওত উপস্থিত হৈ অঞ্চলটোৰ পথৰ অৱস্থাৰ বুজ লয়।
জানিব পৰা মতে, ভৈষপাৰাৰ ভিতৰুৱা পথসমূহৰ শোচনীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কগৰাকীয়ে বিশেষভাৱে এই পৰিদৰ্শন কাৰ্যসূচী হাতত লয়। গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, বিধায়ক জীৱেশ ৰায়ে সাধাৰণ এখন ই-ৰিক্সাত উঠি গাঁওখনৰ জৰাজীৰ্ণ পথসমূহৰ মাজেৰে গৈ প্ৰত্যক্ষভাৱে ৰাইজৰ দুৰ্দশাৰ বুজ লয়।
পৰিদৰ্শন কালত তেওঁ স্থানীয় ৰাইজৰ সৈতে পথৰ সমস্যা সন্দৰ্ভত মত বিনিময় কৰে আৰু যিমান সম্ভৱ সোনকালে পথসমূহ মেৰামতি বা নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। বিধায়কগৰাকীৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক স্থানীয় ৰাইজে শলাগ লৈ
ছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু