ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ওচৰত, মূল দিশসমূহ পৰ্যালোচনা
-ভাৰতৰ সৈতে ঐতিহাসিক বাণিজ্যিক চুক্তিৰ অতি ওচৰত: আমেৰিকাৰ বিষয়া নতুন দিল্লী, ২৪ জুন (হি.স.)। ভাৰত আৰু আমেৰিকাই অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ অতি ওচৰ চাপিছে । আলোচনা এতিয়া শুল্ক সুবিধা, বজাৰত প্ৰৱেশ আৰু ৱাশ্বিংটনৰ অস্থায়ী ১০ শতাংশ আমদানি শুল্ক
भारत और अमेरिका के बीच बातचीत का जारी फोटो


-ভাৰতৰ সৈতে ঐতিহাসিক বাণিজ্যিক চুক্তিৰ অতি ওচৰত: আমেৰিকাৰ বিষয়া

নতুন দিল্লী, ২৪ জুন (হি.স.)। ভাৰত আৰু আমেৰিকাই অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ অতি ওচৰ চাপিছে । আলোচনা এতিয়া শুল্ক সুবিধা, বজাৰত প্ৰৱেশ আৰু ৱাশ্বিংটনৰ অস্থায়ী ১০ শতাংশ আমদানি শুল্ক ৰেহাইৰ সময়সীমা ২৪ জুলাইৰ ওপৰত নিৰ্ভৰশীল।

নতুন দিল্লীৰ কমাৰ্চ বিল্ডিঙত অনুষ্ঠিত দুদিনীয়া মন্ত্ৰী বৈঠকত ভাৰত আৰু আমেৰিকাই প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তি (বিটিএ)ৰ মূল দিশসমূহ পৰ্যালোচনা কৰে। এই বিষয়সমূহৰ ভিতৰত আছিল বজাৰত প্ৰৱেশৰ উন্নতি, ডিজিটেল বাণিজ্য, আৰু শুল্কবিহীন বাধা হ্ৰাস কৰা। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেল আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমছন গ্ৰীৰৰ মাজত অনুষ্ঠিত এই বৈঠক। আলোচনাৰ মূল কেন্দ্ৰবিন্দু আছিল অন্তৱৰ্তীকালীন চুক্তি চূড়ান্ত কৰাৰ উপায়, যিটো এক ব্যাপক বিটিএৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হ’ব।

এই বৈঠকৰ সময়ত দুয়োপক্ষই আমেৰিকাই নিজৰ সকলো বাণিজ্যিক অংশীদাৰ দেশৰ ওপৰত আৰোপ কৰা অস্থায়ী ১০% শুল্কৰ ২৪ ফেব্ৰুৱাৰীৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে আলোচনা চূড়ান্ত কৰাৰ বাবে বিস্তৃত আলোচনাত মিলিত হয়। এই শুল্কসমূহৰ ম্যাদ ২৪ জুলাইত শেষ হ’ব। এই চুক্তিৰ কাঠামো চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হৈছিল।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলে জনোৱা মতে, আজি পুৱা আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি ৰাষ্ট্ৰদূত জেমছন গ্ৰীৰ আৰু তেওঁৰ প্ৰতিনিধি দলৰ সৈতে এক ৰাউণ্ডৰ বৈঠকৰ সামৰণি পৰে। গোৱালে কয় যে আমি চলি থকা ভাৰত-আমেৰিকাৰ বাণিজ্যিক আলোচনাৰ অগ্ৰগতি পৰ্যালোচনা কৰিলোঁ আৰু আমাৰ অৰ্থনৈতিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ। তেওঁ লগতে কয় যে, “মই ৰাষ্ট্ৰদূত গ্ৰীৰৰ নেতৃত্ব আৰু দুয়োটা দলৰ অবিৰত প্ৰচেষ্টাক প্ৰশংসা কৰিছো, যিয়ে আমাৰ আলোচনাক গঠনমূলক আৰু আগন্তুক দৃষ্টিভংগীৰে আগুৱাই লৈ গৈছে।”

আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, আমেৰিকা আৰু ভাৰত ঐতিহাসিক দ্বিপাক্ষিক বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ “অতি ওচৰ চাপিছে”। তেওঁ কয় যে এই চুক্তিয়ে ১.৪ বিলিয়ন জনসংখ্যাৰ ভাৰতীয় বজাৰখন পাৰস্পৰিকভাৱে লাভজনক চৰ্তত আমেৰিকাৰ সামগ্ৰীৰ বাবে মুকলি কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande