

মৰিগাঁও, ২৪ জুন (হি.স.)। জাগীৰোডক পোহৰেৰে উজলাই তোলাৰ পৰিকল্পনা লৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ তাৰেই প্ৰথম পদক্ষেপ হিচাপে মঙ্গলবাৰে ৰঙা ফিতা কাটি ১৩ টাকৈ হাই মাষ্ট লাইট উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিগত নিৰ্বাচনত জয়ী হোৱাৰ পিছতে প্ৰায় ডেৰ মাহত জাগীৰোড টাউনৰ বিভিন্ন জনবহুল এলেকাত স্থাপন কৰা হৈছিল সুউচ্চ হাই মাষ্ট লাইট সমূহ ৷ প্ৰথম অৱস্থাত শুভাকাংক্ষীৰ সহযোগত নিজাববীয়াকৈ লাইটৰ বৈদ্যুতিক মাচুল বহন কৰিব বুলি জনায় মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷
আনহাতে আগন্তুক দিনত আৰু অধিক হাই মাষ্ট লাইটেৰে সমগ্ৰ জাগীৰোডক সামৰি লোৱাৰ পৰিকল্পনাৰ কথাও ব্যক্ত কৰে ৷ ইয়াৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত জাগীৰোডৰ মাজমজিয়াৰে উলিওৱা হয় প্ৰগতি পথ যাত্ৰা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকাল অতিক্ৰমেৰে অভিলেখ পূৰ্বৰ অভিলেখ ভংগ কৰাৰ উপলক্ষে মৰিগাঁও জিলা বিজেপিৰ নেতৃত্বত উলিওৱা হয় এই যাত্ৰা৷ ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জিন্দাবাদ, মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ আদি শ্ল’গানেৰে মুখৰিত হৈ পৰে পৰিৱেশ ৷
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar