
কামৰূপ, ২৪ জুন (হি.স.)। হাজোৰ চেঁচামুখ বজাৰত হাহাকাৰ পৰিবেশ।।
নিচাসক্ত ট্ৰাক ড্ৰাইভাৰে এফালৰ পৰা মহটিয়াই আনিলে সকলো।চাংচাৰীৰ পৰা হাজো অভিমুখে আহি থকা বহিৰাজ্যৰ দহচকীয়া ট্ৰাক ড্ৰাইভাৰৰ তাণ্ডব।
অত্যাধিক সুৰা সেৱন কৰি মাতাল হৈ ৰাজপথত তাণ্ডৱলীলা ট্ৰাক ড্ৰাইভাৰৰ।কেইবাখনো দুচকীয়া বাহন,বৈদ্যুতিক খুটাৰ লগতে খুন্দিয়াই তচনচ কৰিলে কেইবাটাও দোকান ঘৰ।।কথামপি প্ৰান ৰক্ষা বহুকেইজন লোকৰ।।অৱশেষত ৰাইজে নিচাসক্ত ড্ৰাইভাৰ জনক আৱদ্ধ কৰিবলৈ সক্ষম হয়।আনহাতে ক্ষোভিত ৰাইজে উত্তম-মাধ্যম শোধায় ড্ৰাইভাৰক।ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰি নিচাসক্ত ড্ৰাইভাৰ জনক আটক কৰে।।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা