
গোলাঘাট, ২৪ জুন (হি.স.)। অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ নতুন চমক। ১৩ টাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা জীৱনৰ আঁৰৰ জীৱন (Life behind the Life) নামৰ বোলছবিৰ ' গুণ গুণাব জানা ' শীৰ্ষক গীত শুভমুক্তি।
ভৱৰঞ্জনী প্ৰডাকচনৰ মহেশ ৰাজবংশীৰ প্ৰযোজনা, অনুপম বৰদলৈৰ পৰিচালনা, ৰাতুল ফুকনৰ কাহিনীৰে নিৰ্মান কৰা জীৱনৰ আঁৰৰ জীৱন বোলছবিৰ সংগীত পৰিচালনা তৰালী শৰ্মাৰ। বোলছবি খনত তৰলী শৰ্মাই কন্ঠদান কৰা ' গুণ গুণাব জানা' শীৰ্ষক গীতটি বোকাখাতৰ ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিজম এছচিয়েচন (ইমজা)ৰ কাৰ্যালয়ত শুভমুক্তি দিয়ে বোলছবি খনৰ গীতটি। অহা ৯ অক্টোবৰত অসমৰ বিভিন্ন ছবি গৃহত মুক্তি লাভ কৰিব 'জীৱনৰ আঁৰৰ জীৱন' বোলছবিখন। থাৰ্টথৱ জুবিন গাৰ্গৰ কন্ঠ সমৃদ্ধ গীত সন্নিবিষ্ট আছে উক্ত বোলছবিখনত। জীৱনৰ আঁৰৰ জীৱন বোলছবিৰ গীত শুভমুক্তিৰ অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে ইমজাৰ বিষয়ববীয়া আৰু বোলছবি খনত অভিনয় কৰা স্থানীয় শিল্পী কলাকুশলী। অহা ৯ অক্টোবৰত শুভ মুক্তি লাভ কৰিব যুৱ পৰিচালক অনুপম বৰদলৈৰ 'Life biheind The Life ' দৰ্শকৰ বাবে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু