অমৃতসৰ অভিমুখী বিমান পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ, পলম হোৱাত যাত্ৰীসকলৰ দুৰ্দশা
নতুন দিল্লী, ২৪ জুন (হি.স.)। দিল্লীৰ পৰা অমৃতসৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই-৪৭৯ বিমানখনে কাৰিকৰী বিজুতিৰ সন্মুখীন হৈ পাকিস্তানৰ আকাশমাৰ্গলৈ বিপথে পৰিচালিত হয়। সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা। পাকিস্তানৰ এয়াৰ ট্ৰেফিক অথৰিটিৰ সতৰ্কবাণীৰ পিছতে বিম
Air India and Air India Express to operate 20 flights to West Asia today


নতুন দিল্লী, ২৪ জুন (হি.স.)। দিল্লীৰ পৰা অমৃতসৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই-৪৭৯ বিমানখনে কাৰিকৰী বিজুতিৰ সন্মুখীন হৈ পাকিস্তানৰ আকাশমাৰ্গলৈ বিপথে পৰিচালিত হয়। সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা। পাকিস্তানৰ এয়াৰ ট্ৰেফিক অথৰিটিৰ সতৰ্কবাণীৰ পিছতে বিমানখনে ইউ টাৰ্ণ কৰি ভাৰতীয় আকাশমাৰ্গলৈ উভতি যায়। কিন্তু অমৃতসৰত অৱতৰণৰ অনুমতি নিদিয়াৰ বাবে বিমানখন দিল্লীলৈ উভতি যাবলগীয়া হোৱাত যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হয়।

এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই । অৱশ্যে চৰকাৰী সূত্ৰই নিশ্চিত কৰিছে যে বিমানখনে কাৰিকৰী বিজুতিৰ বাবে নিৰ্ধাৰিত পথৰ পৰা বিচ্যুত হৈছিল। সম্প্ৰতি এই বিষয়টোৰ তদন্ত অব্যাহত আছে।

খবৰ অনুসৰি সোমবাৰে নিশা ৯:০৭ বজাত দিল্লীৰ পৰা উৰা মাৰিছিল এয়াৰবাছ এ৩২১ বিমানখন। কাৰিকৰী দোষৰ বাবে বিমানখন নিৰ্ধাৰিত পথৰ পৰা বিচ্যুত হয়। কিন্তু সময়মতে পৰিস্থিতিৰ সমাধান হোৱাত বিমানখন ডাইভাৰ্ট কৰা হয়।

ইফালে, নিৰ্ধাৰিত অৱতৰণৰ সময় শেষ হোৱাৰ বাবে বিমানখনক অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল । ইয়াৰ পিছতে বিমানখন পুনৰ দিল্লীলৈ ডাইভাৰ্ট কৰি নিৰাপদে অৱতৰণ কৰে । প্ৰায় দুঘণ্টাৰ পিছত পুনৰ অনুমতি পোৱাৰ পিছত বিমানখনে অমৃতসৰ অভিমুখে উৰা মাৰি পুৱা প্ৰায় ২:৩০ বজাত অমৃতসৰ বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে।

এই ঘটনাৰ বাবে যাত্ৰীসকলে প্ৰায় চাৰি ঘণ্টা পলম হোৱাৰ সন্মুখীন হ’বলগীয়া হৈছিল । নিশা ১০:৩০ বজাৰ ভিতৰত অমৃতসৰত উপস্থিত হ’বলগীয়া সকলে গভীৰ নিশা গন্তব্য স্থান পাবলৈ সক্ষম হয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande