ভূত বাংলোত পৰিণত কামৰূপ জিলাৰ হেকৰাস্থ লোকনিৰ্মাণ বিভাগৰ ডাক বাংলো
ভূত বাংলোত পৰিণত হৈছে এটি ডাক বাংলো।
ভূত বাংলোত পৰিণত কামৰূপ জিলাৰ হেকৰাস্থ লোকনিৰ্মাণ বিভাগৰ ডাক বাংলো


কামৰূপ, ২৪ জুন (হি.স.): সম্প্ৰতি ভূত বাংলোত পৰিণত হৈছে কামৰূপ জিলাৰ হেকৰাস্থ লোকনিৰ্মাণ বিভাগৰ ডাক বাংলো। কামৰূপ জিলাৰ হেকৰাস্থ লোকনিৰ্মাণ বিভাগৰ ডাক বাংলোৰ গৃহসমূহ দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ বাবেই আজি জহি-খহি বিধ্বস্ত হৈ পৰিছে ।

স্থানীয় লোক আৰু দল সংগঠনে গৃহসমূহ মেৰামতি অথবা পুনঃনিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগক বাৰম্বাৰ দাবী জনোৱাৰ পাছতো একোৱেই নকৰাৰ অভিযোগ উঠিছে । লোকনিৰ্মাণ বিভাগৰ এনে হেমাহিৰ বাবেই গৃহসমূহ জহি-খহি যোৱাত ক্ষোভ ব্যক্ত কৰিছে একাংশ ৰাইজে। হাবি-জংঘলেৰে আৱৰি ধৰিছে গৃহসমূহ । এইক্ষেত্ৰত শীঘ্ৰে হেকৰা ডাক বাংলোৰ গৃহসমূহ পুনঃনিৰ্মাণ কৰিবলৈ লোকনিৰ্মাণ বিভাগক দাবী জনাইছে ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande