বৰপেটাৰোড চহৰত চাইবাৰ অপৰাধীক বিচাৰি উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী
বৰপেটা, ২৪ জুন (হি.স.)। চাইবাৰ অপৰাধৰ ঘাটি ''জামতাৰা''ৰ কথা নিশ্চয় সকলোৰে জ্ঞাত। ঝাৰখণ্ডৰ জামতাৰাৰ পৰাই এসময়ত দেশত পৰিচালিত হৈছিল চাইবাৰ অপৰাধ । সম্প্ৰতি দ্বিতীয় জামতাৰা''ত পৰিণত হৈ পৰিছে বৰপেটা। এইবাৰ বৰপেটা জিলাৰ বৰপেটাৰোড চহৰত চাইবাৰ অ
বৰপেটাৰোড চহৰত চাইবাৰ অপৰাধীক বিচাৰি উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী


বৰপেটা, ২৪ জুন (হি.স.)। চাইবাৰ অপৰাধৰ ঘাটি 'জামতাৰা'ৰ কথা নিশ্চয় সকলোৰে জ্ঞাত।

ঝাৰখণ্ডৰ জামতাৰাৰ পৰাই এসময়ত দেশত পৰিচালিত হৈছিল চাইবাৰ অপৰাধ ।

সম্প্ৰতি দ্বিতীয় জামতাৰা'ত পৰিণত হৈ পৰিছে বৰপেটা।

এইবাৰ বৰপেটা জিলাৰ বৰপেটাৰোড চহৰত চাইবাৰ অপৰাধীক বিচাৰি উপস্থিত উত্তৰ প্ৰদেশৰ চাইবাৰ অপৰাধ আৰক্ষী।

বৰপেটাৰোডৰ ভালুকী গাঁওৰ কমলা খাটুন নামৰ মহিলাগৰাকীৰ বেংক অব মহাৰাষ্ট্ৰৰ একাউন্টযোগে চাইবাৰ অপৰাধী চক্ৰই ধন সৰবৰাহ কৰাৰ তথ্য বিচাৰি উত্তৰ প্ৰদেশৰ চাইবাৰ অপৰাধ আৰক্ষীৰ দল এটাই বৰপেটাৰোড চহৰত উপস্থিত হৈ কমলা খাটুন নামৰ মহিলা গৰাকীক পাঁচ দিনৰ ভিতৰত মোজাফ্ফৰনগৰত অবস্থিত চাইবাৰ ক্ৰাইম কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে।

এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বৰপেটাৰোড চহৰত |

আমি লাভ কৰা তথ্য অনুসৰি, বৰপেটাৰোডৰ ভালুকী গাঁওৰ আবু তালেব নামৰ লোকজনৰ নেতৃত্বত সংঘটিত হৈছে এই বৃহৎ চাইবাৰ অপৰাধৰ ঘটনা |

সম্প্ৰতি আবু তালেব ওৰফে আবু তাহেৰ পলাতক বুলি ভুক্তভোগী সকলে অভিযোগ কৰিছে |

আবু তালেব নামৰ লোকজনে মৈৰাঝাৰৰ আখতাৰ আলী নামৰ এজন যুৱকৰ সহযংগত বেংক অব মহাৰাষ্ট্ৰ চি এছ পি কেন্দ্ৰলৈ অঞ্চলটোৰ কেইগৰাকীমান দৰিদ্ৰ মহিলাক লৈ গৈ মহিলা কেইগৰাকীৰ নামত খুলিছিল একাউণ্ট |

এই চাইবাৰ অপৰাধী চক্ৰটোৱে কমলা খাতুন, হেলাল আলী, ৰহিমা খাতুন, চাজিদা খাতুন, নাজিমা খাতুন, মেমেলা খাতুনকে ধৰি মুঠ ৯ গৰাকী মহিলাৰ নামত বেংক অব মহাৰাষ্ট্ৰত একাউন্ট খুলে |

ইয়াৰ পিচতে আৰম্ভ হয় আচল খেল |

এই একাউন্টবোৰ ব্যৱহাৰ কৰি চাইবাৰ অপৰাধী চক্ৰই উলিয়াই নিয়ে প্ৰায় ৩০ লক্ষাধিক টকা |

ধনৰ প্ৰলোভনত পৰি বেংক একাউন্ট খুলি এতিয়া ভয়াৱহ সমস্যাত এই সকল মহিলা |

আৰক্ষীয়ে জানিবলৈ দিয়ামতে চাইবাৰ অপৰাধী চক্ৰই বেংকৰ একাউন্ট ভাৰাত লৈ এইদৰে চাইবাৰ অপৰাধ সংঘটিত কৰি একাউন্টৰ জৰিয়তে কোটি কোটি টকা উলিয়াই নিয়ে |

আৰু সহজ ধনৰ লোভত পৰি সৰ্বস্বান্ত হৈ পৰে গাঁওৰ এই লোকসকল |

লক্ষণীয়ভাবে কমলা খাতুনক উত্তৰ প্ৰদেশ চাইবাৰ অপৰাধ আৰক্ষীয়ে বিচাৰি আহি চমন জাৰি কৰিছে যদিও এইপৰ্যন্ত এই ঘটনাৰ মুল মাষ্টাৰ মাইণ্ড আবু তালেব আৰু আখতাৰ আলীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই বুলি গাওবাসীয়ে অভিযোগ তুলিছে |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande