ভিঅ’চি বন্দৰ সেউজ সামুদ্ৰিক উন্নয়নৰ আৰ্হি, কাৰ্বন নিৰ্গমন ৪৫ শতাংশ হ্ৰাস
নতুন দিল্লী, ২৩ জুন (হি.স.)। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভি.অ. চিদাম্বৰনাৰ বন্দৰ কৰ্তৃপক্ষ (VOC Port) ভাৰতৰ বহনক্ষম সামুদ্ৰিক উন্নয়নৰ আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে । বন্দৰটোৱে কাৰ্বন নিৰ্গমন ৪৫ শতাংশ হ্ৰাস কৰ
वीओसी पोर्ट में सस्टेनेबिलिटी रिपोर्ट जारी करते और केंद्रीय विद्यालय राष्ट्र को समर्पित करते केंद्रीय मंत्री सर्बानंद सोनोवाल।


নতুন দিল্লী, ২৩ জুন (হি.স.)। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভি.অ. চিদাম্বৰনাৰ বন্দৰ কৰ্তৃপক্ষ (VOC Port) ভাৰতৰ বহনক্ষম সামুদ্ৰিক উন্নয়নৰ আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে । বন্দৰটোৱে কাৰ্বন নিৰ্গমন ৪৫ শতাংশ হ্ৰাস কৰিছে আৰু এতিয়া বন্দৰটোৰ মুঠ শক্তি ব্যৱহাৰৰ প্ৰায় ৯৪ শতাংশ নবীকৰণযোগ্য শক্তিৰ দ্বাৰা সম্পন্ন কৰা হৈছে।

ভিঅ’চি বন্দৰত অনুষ্ঠিত এক অনুষ্ঠানত সোণোৱালে বন্দৰৰ প্ৰথমখন বহনক্ষমতাৰ প্ৰতিবেদন প্ৰকাশ কৰি কয় যে এই সাফল্যই প্ৰধানমন্ত্ৰীৰ আধুনিক, বহনক্ষম, আৰু ভৱিষ্যতমুখী আন্তঃগাঁথনি নিৰ্মাণৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। বিগত চাৰি বছৰত এই বন্দৰটোৱে প্ৰতি টন মালবাহী সামগ্ৰীৰ কাৰ্বনৰ তীব্ৰতাও প্ৰায় আধালৈ হ্ৰাস কৰিছে।

অনুষ্ঠানত তেওঁ ভি অ’ চি বন্দৰত অৱস্থিত কেন্দ্ৰীয় বিদ্যালয়খন দেশৰ বাবে উৎসৰ্গা কৰে। এই বিদ্যালয়খন ২০২৬-২৭ চনৰ শৈক্ষিক অধিবেশনৰ পৰা বন্দৰ বিদ্যালয় চৌহদৰ পৰা চলিব আৰু বন্দৰ কৰ্মচাৰী, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, আৰু স্থানীয় সমাজৰ সন্তানক মানসম্পন্ন চিবিএছই শিক্ষা প্ৰদান কৰিব।

এই উপলক্ষে আই আই এম কলিকতাৰ কেছ ষ্টডি দ্য হাইড্ৰজেন পিভট: অৰ্কেষ্ট্ৰেটিং দ্য গ্ৰীণ ট্ৰেঞ্জিচন এট ভি অ চি বন্দৰও মুকলি কৰা হয়, য'ত বন্দৰটোৰ পৰম্পৰাগত কাৰ্গো হাবৰ পৰা সেউজ শক্তি আৰু বহনক্ষম সামুদ্ৰিক হাবলৈ ৰূপান্তৰিত হোৱাৰ বিশদ বিৱৰণ দিয়া হৈছে। ইয়াৰ উপৰিও ভাৰতৰ প্ৰথমটো সেউজ হাইড্ৰজেন পাইলট প্ৰকল্পৰ ওপৰত আলোকপাত কৰা হৈছে।

স্বচ্ছ শক্তি আৰু কম কাৰ্বনযুক্ত কাৰ্য্যকলাপৰ দিশত ইয়াৰ কৃতিত্বক স্বীকৃতি দি বন্দৰটোৱে স্কোপ-২ নিৰ্গমন-মুক্ত বন্দৰৰ প্ৰমাণপত্ৰও লাভ কৰিছে।

ইয়াৰ উপৰিও ভিঅ’চি বন্দৰ কৰ্তৃপক্ষই বদোদৰাৰ গাতি শক্তি বিশ্ববিদ্যালয়ৰ সৈতে গৱেষণা, উদ্ভাৱন, লজিষ্টিক শিক্ষা, দক্ষতা বিকাশ, আৰু বহনক্ষম বন্দৰ পৰিচালনাৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই অংশীদাৰিত্বই সামুদ্ৰিক লজিষ্টিক আৰু বন্দৰ ব্যৱস্থাপনাত উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ পথ প্ৰশস্ত কৰিব।

এই অনুষ্ঠানত বন্দৰৰ প’ৰ্ট জিপিটি মোবাইল এপ্লিকেচনও মুকলি কৰা হয়, যাৰ ফলত ভিঅ’চি প’ৰ্ট হৈছে দেশৰ প্ৰথমটো ডাঙৰ বন্দৰ যিয়ে মোবাইল এপৰ জৰিয়তে এণ্টাৰপ্ৰাইজ গ্ৰেডৰ জেনেৰেটিভ এআই প্লেটফৰ্ম উপলব্ধ কৰে।

এই উপলক্ষে মন্ত্ৰালয়ৰ সম্পাদক বিজয় কুমাৰ, ভিঅ’চি বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ সুশান্ত কুমাৰ পুৰোহিত,কে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande