আঘাতপ্ৰাপ্ত নীতিশ ৰেড্ডী আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ টি-২০ শৃংখলাৰ পৰা বাহিৰ, শ্বেডজৰ সুযোগ
নতুন দিল্লী, ২৩ জুন (হি.স.)। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ পূর্বে ভাৰতীয় ক্ৰিকেট দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আঘাতৰ বাবে দুয়োখন ছিৰিজৰ পৰা বাহিৰ হৈছে। তেওঁৰ ঠাইত ভাৰতীয় দলত অন্তৰ্ভু
नीतीश कुमार रेड्डी


নতুন দিল্লী, ২৩ জুন (হি.স.)। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ পূর্বে ভাৰতীয় ক্ৰিকেট দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আঘাতৰ বাবে দুয়োখন ছিৰিজৰ পৰা বাহিৰ হৈছে। তেওঁৰ ঠাইত ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে যুৱ সূৰ্য্যংশ শ্বেডজক।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি ২০ জুনত আফগানিস্তানৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ পিছত নীতিশ কুমাৰ ৰেড্ডীয়ে বাওঁ উৰুত (কোৱাড্ৰিচেপছ) অস্বস্তি অনুভৱ কৰিছিল। চিকিৎসা পৰীক্ষাৰ পিছত ব’ৰ্ডৰ চিকিৎসা দলে তেওঁক পুনৰ্বাসন কৰিবলৈ পৰামৰ্শ দিয়ে। ফলস্বৰূপে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ দুয়োটা শৃংখলাৰ পৰা বাহিৰ হৈছে।

নির্বাচকসকলে তেওঁৰ সলনি সূর্যান্স শ্বেডজক দলত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে৷ শেহতীয়াকৈ শ্ৰীলংকাত অনুষ্ঠিত হোৱা ইণ্ডিয়া এ ট্ৰাই ছিৰিজত সূৰ্যান্সে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। মিডল অৰ্ডাৰত বেটিং কৰি তেওঁ পাঁচখন মেচত ১৪৭ ৰান সংগ্ৰহ কৰাৰ লগতে বলৰ সৈতেও অৰিহণা যোগাইছিল, গোটেই প্ৰতিযোগিতাখনত ২৩ অভাৰত বলিং কৰিছিল।

২০২৪–২৫ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীতো সূৰ্যান্সে এক আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল। মুম্বাইৰ বিজয়ী দলৰ অংশ হিচাপে তেওঁ ২৫১.৯২ ষ্ট্ৰাইক ৰেটত বেটিং কৰি নিম্ন মধ্যম অৰ্ডাৰত ১৩১ ৰান সংগ্ৰহ কৰে।

এতিয়া ভাৰতীয় দলটোৱে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰমাণ কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিব যুৱ সূৰ্য্যংশই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande