
নতুন দিল্লী, ২৩ জুন (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ২০২৭ ছিজনৰ পূৰ্বে এক বৃহৎ পৰিৱৰ্তন কৰা হৈছে। উইকেটকীপাৰ-বেটছমেন ঋষভ পন্ত পুনৰ দিল্লী কেপিটেলছলৈ উভতি অহাৰ বিপৰীতে বাওঁহাতৰ স্পিনাৰ কুলদীপ যাদৱে এতিয়া লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ৰ হৈ খেলিব।
আই পি এলৰ তৰফৰ পৰা মঙলবাৰে এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে এই শ্বেপত পন্তক দিল্লী কেপিটেলছে ১৫ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে, আনহাতে কুলদীপ যাদৱে ১৩.৫ কোটি ₹ৰ চুক্তিৰে লক্ষ্ণৌত যোগদান কৰিছে। আই পি এলৰ ইতিহাসৰ অন্যতম ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পন্ত। ২০২৫ চনৰ মেগা নিলামত লক্ষ্ণৌৱে ২৭ কোটি টকাত ক্ৰয় কৰিছিল। এতিয়া কম পৰিমাণৰ বিনিময়ত তেওঁ নিজৰ পূৰ্বৰ দল দিল্লীলৈ উভতি আহিছে।
এইটোৱেই হৈছে একেৰাহে দ্বিতীয়টো ডাঙৰ দৃষ্টান্ত য’ত এজন তাৰকা খেলুৱৈয়ে দল সলনিৰ বিনিময়ত কম চুক্তি গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে ২০২৬ বৰ্ষৰ ছিজনৰ পূৰ্বে ডাঙৰ পৰিৱৰ্তনৰ লগত জড়িত আছিল অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা আৰু সঞ্জু চেমছনৰ বিনিময়।
আনহাতে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কুলদীপ যাদৱত এজন অভিজ্ঞ স্পিন বলাৰ অধিগ্ৰহণ কৰিছে। উত্তৰ প্ৰদেশৰ বাসিন্দা কুলদীপে এতিয়া নিজৰ গৃহ ৰাজ্যৰ আই পি এল দলক প্ৰতিনিধিত্ব কৰিব। দিল্লীৰ হৈ খেলি ২০২২ চনৰ পৰা ৬৫খন মেচত ৭২টা উইকেট দখল কৰি নিয়ন্ত্ৰিত বলিঙৰ জৰিয়তে দলটোৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এই পৰিৱৰ্তনে আগন্তুক আই পি এল ছিজনৰ পূৰ্বে দুয়োটা দলৰ কৌশল আৰু ভাৰসাম্যক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া