
নতুন দিল্লী, ২৩ জুন (হি.স.)। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে বৰ্তমান দেশ আৰু বিশ্বই এল নিনোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত কৃষি খণ্ডত প্ৰভাৱ পৰিব পাৰে। এইটো নিশ্চয় চিন্তনীয় বিষয়, কিন্তু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ চৰকাৰ সম্পূৰ্ণ প্ৰস্তুত।
কৃষি মন্ত্ৰালয়ত মঙলবাৰে অনুষ্ঠিত এক বৈঠকত শিৱৰাজ সিং চৌহানে কয় যে মোডী চৰকাৰে সমস্যাৰ সৃষ্টি হোৱালৈ অপেক্ষা নকৰে, বৰঞ্চ আগতীয়াকৈ কৌশল প্ৰণয়ন কৰি প্ৰস্তুতি চলায়। কৃষকৰ স্বাৰ্থ ৰক্ষা আৰু সম্ভাৱ্য দুৰ্যোগক সুযোগলৈ ৰূপান্তৰিত কৰা চৰকাৰৰ লক্ষ্য বুলিও তেওঁ কয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এল নিনোৰ প্ৰভাৱ কম কৰাৰ বাবে বৈজ্ঞানিক প্ৰট’কল আৰু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি কাম কৰা হৈছে। পন্থাটো কেৱল প্ৰতিক্ৰিয়াশীল নহয়, পূৰ্ব-নিৰ্ধাৰিত হ’ব লাগে।
তেওঁ জনোৱা মতে, আইচিএআৰ-ক্ৰিডাই এল নিনোৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ সকলো জিলাৰ বাবে আকস্মিক পৰিকল্পনা প্ৰস্তুত কৰিছে। এই আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ যাতে প্ৰয়োজন সাপেক্ষে তৎক্ষণাত কাৰ্যকৰী কৰিব পৰা যায়।
চৌহানে জিলা প্ৰশাসন, কালেক্টৰ বা উপায়ুক্ত, আৰু আনুষংগিক বিভাগসমূহক এই আঁচনিসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। তেওঁ কয় যে কৃষি, জলসম্পদ, গ্ৰাম্য উন্নয়ন, আৰু অন্যান্য আনুষংগিক বিভাগসমূহৰ মাজত উন্নত সমন্বয় স্থাপন কৰি আকস্মিক পৰিকল্পনাৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিব লাগে, যাতে কৃষকসকলক যিকোনো সম্ভাৱ্য সংকটৰ পৰা সুৰক্ষিত কৰিব পৰা যায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া