প্ৰধানমন্ত্ৰীয়ে আই এ এছৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক কয়, প্ৰতিটো ফাইলৰ আঁৰত নিহিত হৈ থাকে নাগৰিকৰ জীৱন আৰু আকাংক্ষা
নতুন দিল্লী, ২৩ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক কয় যে তেওঁলোকে সদায় মনত ৰাখিব লাগিব যে প্ৰতিটো চৰকাৰী ফাইলৰ আঁৰত লাখ লাখ নাগৰিকৰ আকাংক্ষা, উদ্বেগ আৰু জীৱন নিহিত হৈ আছে। প্ৰতিটো
প্ৰধানমন্ত্ৰীয়ে আই এ এছৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক কয়, প্ৰতিটো ফাইলৰ আঁৰত নিহিত হৈ থাকে নাগৰিকৰ জীৱন আৰু আকাংক্ষা


নতুন দিল্লী, ২৩ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক কয় যে তেওঁলোকে সদায় মনত ৰাখিব লাগিব যে প্ৰতিটো চৰকাৰী ফাইলৰ আঁৰত লাখ লাখ নাগৰিকৰ আকাংক্ষা, উদ্বেগ আৰু জীৱন নিহিত হৈ আছে। প্ৰতিটো সিদ্ধান্তৰ কেন্দ্ৰবিন্দুত সাধাৰণ নাগৰিকক ৰাখি নাগৰিক দেৱো ভৱ (নাগৰিক ঈশ্বৰ) মন্ত্ৰক আকোৱালি ল'বলৈ আহ্বান জনায়।

ইয়াত সেৱা তীৰ্থত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত সহকাৰী সচিব হিচাপে নিযুক্তি পোৱা ২০২৪ বেচৰ ১৮৩ গৰাকী আই এ এছ প্ৰশিক্ষাৰ্থী বিষয়াৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দুবছৰীয়া প্ৰশিক্ষণ আৰু প্ৰশাসনিক অভিজ্ঞতাৰ অন্তত বিষয়াসকলে এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে য’ত তেওঁলোকৰ সিদ্ধান্তই কেৱল তেওঁলোকৰ কেৰিয়াৰতেই নহয়, লাখ লাখ নাগৰিকৰ ভৱিষ্যততো প্ৰভাৱ পেলাব।

স্পৰ্শকাতৰ, সঁহাৰিজনক আৰু সৰ্বাংগীন শাসন ব্যৱস্থা নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ্বান জনাই তেওঁ কয় যে জনসেৱাৰ মৌলিক উদ্দেশ্য হৈছে নাগৰিকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনা। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো প্ৰশাসনিক সিদ্ধান্তই মানৱীয় দৃষ্টিভংগী প্ৰতিফলিত কৰিব লাগে, আৰু শাসন ব্যৱস্থা যাতে মানুহৰ আশাৰ সৈতে মিলি যায় সেয়া নিশ্চিত কৰাটো বিষয়াসকলৰ দায়িত্ব।

২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে আগন্তুক বছৰবোৰত এখন উন্নত ভাৰত গঢ়ি তোলাটো প্ৰতিটো নীতি আৰু প্ৰশাসনিক সিদ্ধান্তৰ কেন্দ্ৰবিন্দু হ’ব লাগে। তেওঁ কয় যে আত্মনিৰ্ভৰশীল ভাৰত, মেক ইন ইণ্ডিয়া, উৎপাদন খণ্ড সম্প্ৰসাৰণ, শক্তি সুৰক্ষা, আৰু যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো দেশৰ মূল অগ্ৰাধিকাৰৰ ভিতৰত অন্যতম।

বিভাগসমূহৰ মাজত উন্নত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যক্তিগত বিভাগীয় পৰ্যায়ত নহয়, সামগ্ৰিক চৰকাৰী দৃষ্টিভংগীৰেহে জটিল উন্নয়নমূলক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰা যাব। তেওঁ জোৰ দি কয় যে ফলপ্ৰসূ আন্তঃবিভাগীয় সহযোগিতাইহে স্থায়ী আৰু অৰ্থপূৰ্ণ ফলাফল লাভ কৰিব পাৰে।

তেওঁ উল্লেখ কৰে যে যোৱা দশকত শাসন ব্যৱস্থা প্ৰক্ৰিয়াভিত্তিক আৰ্হিৰ পৰা ফলাফলমুখী আৰ্হিলৈ গতি কৰিছে। ডিজিটেল শাসন, কৃত্ৰিম বুদ্ধিমত্তা (এআই), আৰু প্ৰযুক্তিৰ বৰ্ধিত ভূমিকা সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপসমূহে সেৱা প্ৰদানৰ ক্ষেত্ৰত স্বচ্ছতা আৰু দক্ষতা বৃদ্ধি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক তথ্যক কেৱল সংখ্যা হিচাপে নহয়, মানুহৰ জীৱন, তেওঁলোকৰ প্ৰত্যাহ্বান, আকাংক্ষাৰ প্ৰতিফলন হিচাপে চাবলৈ আহ্বান জনায়। তেওঁ কয় যে নীতিসমূহৰ সফলতাৰ মূল্যায়ন মাটিত ইয়াৰ প্ৰকৃত প্ৰভাৱৰ দ্বাৰা কৰা উচিত।

ৰাষ্ট্ৰ নিৰ্মাণত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ আই এ এছ বেচত ৪০ শতাংশতকৈ অধিক মহিলা বিষয়া আছে, যিয়ে প্ৰশাসনিক সেৱাত মহিলাৰ ক্ৰমবৰ্ধমান ভূমিকাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীয়ে যুৱ বিষয়াসকলক পদবী আৰু প্ৰতিপত্তিতকৈ নিজৰ কামৰ ফলাফলৰ পৰা সন্তুষ্টি আহৰণ কৰিবলৈ আৰু ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানৰ অহৰহ মূল্যায়ন কৰিবলৈ আহ্বান জনায়। তেওঁ আস্থা প্ৰকাশ কৰে যে তেওঁলোকৰ শক্তি, প্ৰতিভা, আৰু সমৰ্পণে ভাৰতৰ উন্নয়নক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

কৰ্মচাৰী ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিং, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি. কে মিশ্ৰ, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব-২ৰ শক্তিকান্ত দাস, কেবিনেট সচিব টি.ভি.সোমনাথন, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সচিব ৰচনা শ্বাহ, এলবিএছএনএএৰ সঞ্চালক শ্ৰীৰাম তৰণিকান্ত আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ এই মত বিনিময়ৰ সময়ত উপস্থিত আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande