ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন বিত্তমন্ত্ৰী বিষ্ণু পৌডেলক কাঠমাণ্ডুলৈ আনি আদালতত হাজিৰ
কাঠমাণ্ডু, ২৩ জুন (হি.স.)। নেপালৰ সুৰখেট জিলাত সোমবাৰে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন বিত্তমন্ত্ৰী বিষ্ণু পৌডেলক আজি নেপালগঞ্জ হৈ কাঠমাণ্ডুলৈ অনা হয় আৰু আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীয়ে জনোৱা মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ চৰকাৰত নিজৰ দল
गिरफ्तार किए गए नेपाल के पूर्व वित्त मंत्री विष्णु पौडेल


কাঠমাণ্ডু, ২৩ জুন (হি.স.)। নেপালৰ সুৰখেট জিলাত সোমবাৰে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন বিত্তমন্ত্ৰী বিষ্ণু পৌডেলক আজি নেপালগঞ্জ হৈ কাঠমাণ্ডুলৈ অনা হয় আৰু আদালতত হাজিৰ কৰোৱা হয়।

আৰক্ষীয়ে জনোৱা মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ চৰকাৰত নিজৰ দলৰ উপ-প্ৰধানমন্ত্ৰী তথা উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা পৌডেলক সোমবাৰে দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি সুৰখেটত গ্ৰেপ্তাৰ কৰে। মঞ্চৰ পৰাই আটক কৰে জিলা আৰক্ষী অধীক্ষকে। মঙলবাৰে বিয়লি তেওঁক কাঠমাণ্ডুলৈ আনি সম্পত্তি বিশুদ্ধকৰণ তদন্ত বিভাগত উপস্থাপন কৰা হয়।

সম্পত্তি বিশুদ্ধকৰণ তদন্ত বিভাগৰ তথ্য বিষয়া উত্তম ঘিমিৰে কয় যে পৌডেলক এতিয়া বিশেষ আদালতত হাজিৰ কৰা হৈছে। তেওঁ কয় যে ধৃত পৌডেলক আৰক্ষীৰ ৰিমাণ্ড বৃদ্ধিৰ প্ৰক্ৰিয়াৰ বাবে বিশেষ আদালতত হাজিৰ কৰা হৈছে। ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিষ্ণু পৌডেলক। গ্ৰেপ্তাৰৰ পূৰ্বে সোমবাৰে তদন্তকাৰী দলে কাঠমাণ্ডুত থকা তেওঁৰ বাসগৃহত অভিযান চলাইছিল।

সম্প্ৰতি ন্যায়িক জিম্মাত থকা ব্যৱসায়ী দীপক ভাট আৰু সুলভ আগৰৱালাৰ সৈতে অশোভনীয় লেনদেন আৰু শ্বেয়াৰ ট্ৰেডিং কৰাৰ অভিযোগত তেওঁক সোধা-পোছাৰ বাবে আটক কৰি ৰখা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande