বিধায়ক পৃথ্বিৰাজ ৰাভা শোণিতপুৰ জিলা জিমনাষ্টিক সন্হাৰ সভাপতি হিচাপে মনোনীত
শোণিতপুৰ,২৩ জুন (হি.স.)। অসমীয়া ক্লাবৰ ক্ৰীড়া বিভাগৰ অন্যতম অনুষ্ঠান ১৯৭৬ চনত জন্ম লাভ কৰা শোণিতপুৰ জিলা শৰীৰচৰ্চা সন্থাৰ বাৰ্ষিক সাধাৰণ সভা খন অসমীয়া ক্লাবত জিলা খনৰ প্ৰায় ৭০ গৰাকী সদস্যৰ উপস্থিতিৰে সফল ভাবে সমাপন হয়৷ সভাত অসমীয়া ক্লাবৰ উপদেষ্টা
১৯৭৬ চনৰ পৰা শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ আলোকসন্ধানী যাত্ৰা  বাৰ্ষিক সাধাৰণ সভাত ২০২৬ -২৯ বৰ্ষৰ নতুন কাৰ্যকৰী সমিতি গঠন


শোণিতপুৰ,২৩ জুন (হি.স.)। অসমীয়া ক্লাবৰ ক্ৰীড়া বিভাগৰ অন্যতম অনুষ্ঠান ১৯৭৬ চনত জন্ম লাভ কৰা শোণিতপুৰ জিলা শৰীৰচৰ্চা সন্থাৰ বাৰ্ষিক সাধাৰণ সভা খন অসমীয়া ক্লাবত জিলা খনৰ প্ৰায় ৭০ গৰাকী সদস্যৰ উপস্থিতিৰে সফল ভাবে সমাপন হয়৷ সভাত অসমীয়া ক্লাবৰ উপদেষ্টা অৰুণা দেৱী মহন্ত ,মাষ্টাৰ্চ শাখাত বিশ্ব হাই জাম্প চেম্পিয়ন ড° বিশ্বৰঞ্জন কলিতা,জিলা ক্ৰীড়া সন্থাৰ সভাপতি জীতেন বৰঠাকুৰ, অশ্বিনী শৰ্মা,সত্ৰাধিকাৰ শোভন মহন্ত আদি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷বিশ্ব শৰীৰ চৰ্চাৰ চেম্পিয়ন ছায়া বৰুৱা, ৰাষ্ট্ৰীয় জনজাতি ভাৰোত্তোলনত পদক লাভ কৰা পিংকি বড়োক সভাত চিনাকি কৰি দিয়া হয়৷সভাত জিলা শৰীৰচৰ্চা সন্থাৰ লগতে আৰু ছটা ভাতৃ সংগঠনৰ ২০২৬-২০২৯ বৰ্ষৰ বাবে নতুন কাৰ্যকৰী কমিটি সৰ্ব সন্মতি ক্ৰমে গঠন কৰা হয়।

নৱ গঠিত সভাপতি সম্পাদক সমূহ হল -জিলা শৰীৰ চৰ্চাৰ ক্ৰমে পঙ্কজ কুমাৰ বৰা আৰু সমীৰণ বৰা,ভাৰোত্তোলনৰ হিৰণ্য ভুঞা আৰু দিবসমনি বৰুৱা,শক্তি উত্তোলনৰ স্পন্দন কাশ্যপ আৰু দিব্যজ্যোতি দাস,যোগ সন্থাৰ নীলকান্ত শৰ্মা আৰু নমিতা লহকৰ,টাগ অব ওৱাৰ সন্থাৰ জীতেন বৰঠাকুৰ আৰু মুজাহীদ ৰাজা,পাঞ্জা সন্থাৰ মৃন্ময় কলিতা আৰু নয়ন কুমাৰ ভৰালী আৰু জিমনাষ্টিক সন্থাৰ সভাপতি তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু ৰাজেন ভুঞা৷ উল্লেখ্য যে সভাত অসমীয়া ক্লাবত হৈ থকা ভাৰোত্তোলন একাডেমিৰ অগ্ৰগতি সম্পৰ্কে অবগত কৰে দিবসমনি বৰুৱাই৷ বিবুধ ডেকাই জুলাই মাহত হব লগা ভাৰোত্তোলন,যোগাসন,জিমনাষ্টিক আৰু পাঞ্জাৰ প্ৰশিক্ষণ শিবিৰৰ বিষয়ে সভাত জনায় আৰু ইচ্ছুক খেলুৱৈ সকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়৷ সভাপতিয়ে আগন্তুক ৪৩ সংখ্যক শোণিতপুৰ জিলা প্ৰতিযোগিতা সমূহ অনুমোদিত সন্থা সমুহে অনুষ্ঠিত কৰিব বিচাৰিলে দহদিনৰ ভিতৰত জিলা সন্থাক জনাবলৈ অনুৰোধ কৰে৷সভাৰ শেষত জিলা ভাৰোত্তোলন সন্থাই ক্লাবতে এক প্ৰিতি ভোজৰ আয়োজন কৰে৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande