আদানী মুন্দ্ৰা বিমানবন্দৰত পুনৰ বাণিজ্যিক বিমান সেৱা আৰম্ভ, কচ্ছক মুম্বাই আৰু গোৱাৰ সৈতে সংযোগ
মুন্দ্ৰা (গুজৰাট), ২৩ জুন (হি.স.)। আদানী মুন্দ্ৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মঙলবাৰে প্ৰথমখন বাণিজ্যিক বিমান সফল অৱতৰণৰ লগে লগে নিয়মীয়া বিমান সেৱা আৰম্ভ হয়। গোৱাৰ পৰা অহা ষ্টাৰ ইণ্ডিয়াৰ বিমানখনে জল হৈলীৰ চেলুটেৰে ভব্য আদৰণি লাভ কৰে। আদানী এয়া
अडाणी मुंद्रा इंटरनेशनल एयरपोर्ट पर पहली कमर्शियल फ्लाइट की सफल लैंडिंग


मुंद्रा एयरपोर्ट के नए बने टर्मिनल का उद्घाटन करते जीत अडाणी और अन्य


मुंद्रा एयरपोर्ट के नए बने टर्मिनल का उद्घाटन करते जीत अडाणी और अन्य


মুন্দ্ৰা (গুজৰাট), ২৩ জুন (হি.স.)। আদানী মুন্দ্ৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মঙলবাৰে প্ৰথমখন বাণিজ্যিক বিমান সফল অৱতৰণৰ লগে লগে নিয়মীয়া বিমান সেৱা আৰম্ভ হয়। গোৱাৰ পৰা অহা ষ্টাৰ ইণ্ডিয়াৰ বিমানখনে জল হৈলীৰ চেলুটেৰে ভব্য আদৰণি লাভ কৰে। আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেড (এএএইচএল)ৰ সঞ্চালক জীত আদানীয়ে মুন্দ্ৰা বিমানবন্দৰত নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেলটো উদ্বোধন কৰে।

মুন্দ্ৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বাণিজ্যিক বিমান সেৱা আৰম্ভ হোৱাত আনন্দ প্ৰকাশ কৰি জীত আদানীয়ে ইয়াক ঐতিহাসিক দিন বুলি অভিহিত কৰে। তেওঁ কয় যে এই বিমান সেৱা আৰম্ভ হ’লে মুন্দ্ৰাৰ স্থানীয় ব্যৱসায় আৰু পৰ্যটন দুয়োটাতে এক উল্লেখযোগ্য উত্থান ঘটিব। জীত আদানীয়ে কয় যে আগতে মানুহে মুন্দ্ৰা পাবলৈ এটা বা দুটা ঠাইত ৰৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হৈছিল। কিন্তু এই প্ৰত্যক্ষ বিমান সেৱাৰ ফলত এই দীঘলীয়া যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস পাইছে।

জীত আদানীয়ে কয় যে আদানী মুন্দ্ৰা বিমানবন্দৰ বাণিজ্যিক বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ লগে লগে সম্পূৰ্ণৰূপে সংহত, বহু-মডাল লজিষ্টিক আৰু ব্যৱসায়িক কেন্দ্ৰ হিচাপে উৰা মাৰিবলৈ সাজু হৈছে। তেওঁ লগতে কয় যে অভিলেখ সময়ত টাৰ্মিনেল নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ষ্টাৰ এয়াৰ আৰু ইউডিএন আঁচনিৰ সহযোগত নতুন সংযোগ স্থাপন কৰা হৈছে, যাৰ ফলত দেশৰ অন্যান্য প্ৰান্তলৈ মুন্দ্ৰাৰ বিমান সংযোগ বৃদ্ধি পাব।

নতুনকৈ নিৰ্মিত আদানী মুন্দ্ৰা বিমানবন্দৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয় বাণিজ্যিক বিমান সেৱা। আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ সঞ্চালক জীত আদানীৰ পত্নী দিভা জৈমিন শ্বাহেও উপস্থিত থাকে। বিমানবন্দৰৰ বিষয়া-কৰ্মচাৰীসকলে এই বিশেষ অনুষ্ঠানটোক স্মৰণীয় কৰি তুলিলে।

আদানী গোটৰ সফল উন্নয়ন আৰ্হিৰ ওপৰত নিৰ্মাণ কৰি মুন্দ্ৰা বিমানবন্দৰ দক্ষতা আৰু বৃদ্ধিৰ বাবে ডিজাইন কৰা হৈছে। ইয়াৰ ৰাণৱে ১৯০০ মিটাৰ দীঘল আৰু বিভিন্ন ধৰণৰ যাত্ৰী আৰু মালবাহী বিমান পৰিচালনা কৰিবলৈ সক্ষম। ইয়াত যথেষ্ট পাৰ্কিং, একাধিক চেক-ইন কাউণ্টাৰ, আৰামদায়ক লাউঞ্জ, আৰু সম্পূৰ্ণ সেৱাযুক্ত ফুড ক'ৰ্টৰ সৈতে এটা আধুনিক টাৰ্মিনেল আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande