ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সন্দৰ্ভত ভাৰতীয় কিষাণ ইউনিয়নৰ প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ
নতুন দিল্লী, ২২ জুন (হি.স.)। ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা প্ৰস্তাৱিত অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি সন্দৰ্ভত ভাৰতীয় কিষাণ সংঘ (বিকেইউ)ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি কৃষকৰ স্বাৰ্থৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু আমেৰিকাৰ হেঁচাত এনে কোনো চুক্তি
भारतीय किसान संगठन ने लिखा प्रधानमंत्री मोदी को पत्र


নতুন দিল্লী, ২২ জুন (হি.স.)। ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা প্ৰস্তাৱিত অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি সন্দৰ্ভত ভাৰতীয় কিষাণ সংঘ (বিকেইউ)ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি কৃষকৰ স্বাৰ্থৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু আমেৰিকাৰ হেঁচাত এনে কোনো চুক্তি স্বাক্ষৰ নকৰিবলৈ আহ্বান জনাইছে ।

পত্ৰখনত বিকেইউয়ে উল্লেখ কৰিছে যে ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে, যিটো ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ’ব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অন্তৱৰ্তীকালীন চুক্তিখন অতি সোনকালে চূড়ান্ত হ’ব পাৰে, আৰু ২৩-২৪ জুনত আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰৰ নতুন দিল্লী ভ্ৰমণৰ সময়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব পাৰে।

কৃষক সংগঠনটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকইটে এই চুক্তিৰ অধীনত ভাৰতে আমেৰিকাৰ কৃষিজাত সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে পৰ্যাপ্ত শুল্ক সুৰক্ষা অবিহনে ভাৰতীয় কৃষকসকলে ৰাজসাহায্যযুক্ত আমেৰিকাৰ কৃষিজাত সামগ্ৰীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব নোৱাৰিব, যিয়ে তেওঁলোকৰ জীৱিকাত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।

ভাৰতৰ কৃষি আৰু খাদ্য সামগ্ৰীৰ বজাৰত থকা বাধাসমূহ আঁতৰোৱাৰ বাবে আমেৰিকাই দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। কৃষকসকলে দাবী কৰিছে যে ইয়াৰ ফলত অতি ৰাজসাহায্যযুক্ত আমেৰিকাৰ দুগ্ধ আৰু হাঁহ-কুকুৰাৰ সামগ্ৰী আমদানিৰ পথ মুকলি হ’ব পাৰে। তদুপৰি জিনীয়ভাৱে পৰিৱৰ্তিত কুঁহিয়াৰ ভাৰতত প্ৰৱেশ কৰাৰ আশংকাও দেখা গৈছে।

বিশ্ব বাণিজ্য সংস্থাত ভাৰতৰ নূন্যতম সমৰ্থন মূল্য ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে আমেৰিকাই ভাৰতক হেঁচা প্ৰয়োগ কৰিছে বুলি বিকেইউৰ অভিযোগ উত্থাপন কৰে। সংস্থাটোৱে কয় যে যদি এই বিষয়টো বাণিজ্য চুক্তিৰ অংশ হৈ পৰে বা গোপনীয় বুজাবুজিৰ অধীনত অন্তৰ্ভুক্ত হয় তেন্তে ইয়াৰ দ্বাৰা দেশৰ লাখ লাখ ধান আৰু ঘেঁহু উৎপাদনকাৰী কৃষকক বিৰূপ প্ৰভাৱ পৰিব পাৰে।

কৃষক সংগঠনটোৱে প্ৰধানমন্ত্ৰীক সোঁৱৰাই দিয়ে যে ভাৰত-আমেৰিকাৰ বাণিজ্যিক আলোচনাত কৃষক, মাছমৰীয়া, আৰু দুগ্ধ আৰু হাঁহ-কুকুৰাৰ ক্ষেত্ৰত জড়িতসকলৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত হ’ব বুলি তেওঁ পূৰ্বে আশ্বাস দিছিল।

এই প্ৰতিশ্ৰুতিত অটল থাকিবলৈ আৰু ভাৰতীয় কৃষি আৰু খাদ্য সুৰক্ষাৰ ক্ষতি কৰিব পৰা যিকোনো চুক্তিৰ পৰা আঁতৰি থাকিবলৈ চৰকাৰক আহ্বান জনায় বি কে ইউয়ে।

সংস্থাটোৱে উল্লেখ কৰে যে দেশৰ কৃষকসকল কেৱল খাদ্য যোগানকাৰীয়েই নহয় খাদ্য সুৰক্ষা আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ গুৰুত্বপূৰ্ণ স্তম্ভ, সেয়েহে তেওঁলোকক অতি ৰাজসাহায্যযুক্ত বিদেশী কৃষিজাত সামগ্ৰীৰ সৈতে অসমান প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ বাধ্য কৰাব নালাগে। -----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande