
গোলাঘাট, ২২ জুন (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও চাৰি আলিত যোৱা কালি দেওবাৰে নিশা এক হলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।ৰাজু জালান নামৰ এজন ব্যৱসায়ী বিৰুদ্ধে গৰজি উঠে একাংশ লোক । দেৰগাঁও পৌৰ সভাৰ অনুমতি নোলোৱাকৈ পদ পথৰ কাষত নিৰ্মান কাৰ্য্য চলোৱাৰ অভিযোগ তোলে একাংশ সচেতন ব্যক্তিয়ে ।
অভিযোগ অনুসৰি ৰাজু জালান নামৰ ব্যৱসায়ী জনে নিজৰ ঘৰৰ শৌচাগাৰৰ পাইপ পদ পথৰ দ্ৰেইনৰ লগত সংলগ্নৰ কৰাকলৈ উত্থাপিত হয় এই অভিযোগ । যিহেতু শৌচাগৰৰ পাইপ পদপথৰ ড্ৰেইনত সংযোজন কৰাটো আইন সন্মত নহয় । আনহাতেদি এই ৰাজু জালান নামৰ ব্যৱসায়ী জনে পদ পথৰ কাষৰ চৰকাৰী ভূমি অগ্ৰসন কৰি এক প্ৰকাৰে পথচাৰিক বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপিত কৰে ব্যক্তি কেইজনে । খবৰ দিয়া হয় দেৰগাঁও পৌৰসভাৰ বিষয়াক আৰু তৎকালীন ভাবে ঘটনা স্থলীত উপস্থিত হয় উপ -পৌৰপতি শুভাঙ্কৰ ঘোষ আৰু সমগ্ৰ ঘটনাৰ বুজ লয় । তেওঁ কয় যে এই কাৰ্য্য সম্পূৰ্ণ ৰূপে বেআইনী আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ