
শোণিতপুৰ,২২ জুন (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰৰ এৰালিলগা আৰু চপালগা গাঁওত এজাক বন্য়হস্তী মুক্তভাবে বিচৰণ কৰাত ৰাইজ অতি আতংকিত হৈছে। বনৰীয়া হাতীয়ে ইতিমধ্য়ে ভাঙিলে অঞ্চলটোৰ তিনিটাকৈ বাসগৃহ । শোণিতপুৰৰ চাৰিদুৱাৰৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ।
প্ৰায় প্ৰতিদিনে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলায় অহা বনৰীয়া হাতীয়ে চলাইছে উপদ্ৰৱ।আজি পুৱতি নিশাও চাৰিদুৱাৰৰ এৰালিলগা গাঁও আৰু চপালগা গাঁওত এটা বনৰীয়া হাতী গাঁওখনত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাৰ লগতে তিনিটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।পিচত চাৰিদুৱাৰ বনবিভাগৰ লোক উপস্থিত হৈ হাতীটো খেদি পঠাবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু