কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৭ খন শ্লুইটচ গেট খুলি দিয়াত কপিলী নৈৰ জলস্তৰ বৃদ্ধি
ডিমা হাছাও, ২২জুন (হি.স.)। ক্ৰমাৎ বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ। উমৰাংচ''স্থিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খানডং বান্ধৰ ৭ তকৈ শ্লুইটচ গেট খুলি দিয়াত ক্ৰমবৰ্দ্ধমান গতিত বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ। যোৱা বুধবাৰে খুলি দিয়া হৈছিল খানডং বান্ধৰ তিনিখনকৈ শ
কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৭ খন শ্লুইটচ গেট খুলি দিয়াত কপিলী নৈৰ জলস্তৰ বৃদ্ধি


ডিমা হাছাও, ২২জুন (হি.স.)। ক্ৰমাৎ বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ। উমৰাংচ'স্থিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খানডং বান্ধৰ ৭ তকৈ শ্লুইটচ গেট খুলি দিয়াত ক্ৰমবৰ্দ্ধমান গতিত বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ। যোৱা বুধবাৰে খুলি দিয়া হৈছিল খানডং বান্ধৰ তিনিখনকৈ শ্লুইটচ গেট। কিন্তু বান্ধৰ পানী অধিক হোৱাত বান্ধ কৰ্তৃপক্ষই পুনৰ খুলি দিছে বান্ধটোৰ আন চাৰিখন শ্লুইটচ গেট ।

বৰ্তমান মুঠ সাত খন গেটেৰে হুৰাহুৰে নামি অহা পানীয়ে ক্ৰমাৎ বৃদ্ধি কৰিছে কপিলী নৈৰ জলপৃষ্ঠ। ডিমা হাছাও-মেঘালয়ত নেৰা-নেপেৰা বৰষুণ দি থাকিলে কপিলী নৈৰ বাঢ়নী পানী আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande