
ধেমাজি, ২২ জুন(হি.স.)। ধেমাজিৰ গুটুং হাঁহচৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ দুজন কৰ্মচাৰী । দেওবাৰে নিশা সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।
জানিব পৰামতে, লক্ষীপথাৰ দিশৰ পৰা ধেমাজি নগৰলৈ আহি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে বাহন খন । দুৰ্ঘটনাটোত এছবিআই ধেমাজি শাখাৰ মূখ্য গাণনিক বিষয়া হিৰক জ্যোতি মিলি আৰু গাণনিক ৰাতুল কোঁৱৰ নিহত হয় । নিহত হোৱা ব্যক্তি দুজনৰ এজনৰ ঘৰ জোনাই আৰু আন জনৰ ঢকুৱাখনাত বুলি জানিব পৰা গৈছে । ইফালে নিশাই স্থানীয় ৰাইজৰ সহায়ত পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ দুটা । এছবিআই ধেমাজি শাখাৰ দুজনকৈ কৰ্মীৰ মৃত্য়ুৱে শাখাটোৰ কৰ্মীসকলক মৰ্মাহত কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ