মাজুলীত প্ৰকৃতিপ্ৰেমী অতুল হাজৰিকাৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্য্য়সূচী
মাজুলী, ২২ জুন (হি.স.)। মাজুলীৰ এটি চিনাকি নাম অতুল হাজৰিকা। তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক যদিও বৰ্তমান তেওঁক প্ৰকৃতিপ্ৰেমী হিচাপে চিনি পায় মানুহে। ৯০ দশকৰ পৰাই মাজুলীৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰি লগতে বিভিন্ন জনক গছপুলি উপহাৰ দি ধৰণী খনক সেউজীয
মাজুলীত প্ৰকৃতিপ্ৰেমী অতুল হাজৰিকাৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্য্য়সূচী


মাজুলী, ২২ জুন (হি.স.)। মাজুলীৰ এটি চিনাকি নাম অতুল হাজৰিকা। তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক যদিও বৰ্তমান তেওঁক প্ৰকৃতিপ্ৰেমী হিচাপে চিনি পায় মানুহে।

৯০ দশকৰ পৰাই মাজুলীৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰি লগতে বিভিন্ন জনক গছপুলি উপহাৰ দি ধৰণী খনক সেউজীয়া কৰি ৰাখি তোলাৰ চেষ্টা চলাই আহিছে। মাজুলীৰ ঐতিহাসিক চৰাইচোঙত প্ৰায় পাঁচশৰো অধিক গছপুলি ৰোপন কৰিছে। কমলাবাৰী ঘাটৰ সমীপত আজি পথৰ কাষে কাষে প্ৰকৃতিপ্ৰেমী অতুল হাজৰিকাৰ নেতৃত্বত গছপুলি ৰোপণ মাজুলীৰ কেইবা গৰাকীও ব্যক্তিৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande