
তামুলপুৰ, ২২ জুন (হি.স.)। তামুলপুৰ জিলাত লোকপিয়ল-২০২৬ সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে ক্ষেত্ৰ প্ৰশিক্ষক সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী ২৩ জুনৰ পৰা ২৫ জুনলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব। তদুপলক্ষে কাইলৈ পুৱা ৯.৩০ বজাৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব।
তামুলপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ডঃ দীপাংকৰ নাথে জনোৱা অনুসৰি, প্ৰশিক্ষণত মুঠ ১৪জন ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে এজন মাষ্টাৰ ট্ৰেইনাৰে অংশগ্ৰহণ কৰিব।
জিলা লোকপিয়ল বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, উক্ত প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষক সকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। পৰৱৰ্তী সময়ত উক্ত ১৪গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলা খনৰ গণনাকাৰী (Enumerator) আৰু পৰ্যৱেক্ষক (Supervisor)সকলক প্ৰশিক্ষণ প্ৰদান কৰিব।
লোকপিয়ল প্ৰক্ৰিয়াটো যাতে সঠিক, সুসংগঠিত আৰু সময় মতে সম্পন্ন কৰিব পৰা যায়, তাৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বিশেষ গুৰুত্ব আছে বুলি জিলা লোকপিয়ল বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে বুলি মহকুমা বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ