
তিৰুভাল্লুৰ, ২২ জুন (হি.স.)। তামিলনাডুৰ তিৰুভাল্লুৰ জিলাৰ পেৰিয়াপালামৰ সমীপৰ এটা ব্যক্তিগত চিংৰা প্ৰক্ৰিয়াকৰণ কাৰখানাত এমোনিয়া গেছ নিৰ্গত হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫জনলৈ বৃদ্ধি। সোমবাৰে স্বাস্থ্য বিভাগে আনুষ্ঠানিকভাৱে এই ঘটনা নিশ্চিত কৰি চিকিৎসাৰ সময়ত আৰু দুজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে। আন কেইবাজনো লোকৰ অৱস্থা সংকটজনক হৈ আছে আৰু বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
দেওবাৰে পুৱা কান্নিকাপাৰ গাঁৱৰ এটা ব্যক্তিগত সাগৰীয় খাদ্য ৰপ্তানি কোম্পানীত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰাথমিক তথ্য অনুসৰি শীতল ব্যৱস্থাত ব্যৱহৃত এমোনিয়া গেছ পাইপলাইন বা আনুষংগিক সঁজুলিৰ কাৰিকৰী বিজুতিৰ ফলত হঠাতে গেছ নিৰ্গত হয়। কিছু মিনিটৰ ভিতৰতে সমগ্ৰ কাৰখানা চৌহদ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বিষাক্ত গেছ বিয়পি পৰাৰ ফলত কেইবা ডজন শ্ৰমিক আক্ৰান্ত হয়।
এই ঘটনাৰ সময়ত প্ৰায় ১২০ জন শ্ৰমিকে কাৰখানাটোত কাম কৰি আছিল, আৰু ৬০ জনতকৈ অধিক শ্ৰমিক গেছৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল। বেছিভাগ শ্ৰমিকেই শ্বাস-প্ৰশ্বাসৰ তীব্ৰ সমস্যা, চকুৰ তীব্ৰ বিষ, মূৰ ঘূৰোৱা, আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাত ভুগিছিল। কাৰখানা চৌহদ আৰু শ্ৰমিক কোৱাৰ্টাৰৰ ভিতৰত অচেতন হৈ পৰে একাংশ শ্ৰমিক। প্ৰত্যক্ষদৰ্শীৰ মতে বহু লোকৰ নাক আৰু মুখৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে, যাৰ ফলত সমগ্ৰ চৌহদত আতংকৰ সৃষ্টি হয়।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে জিলা প্ৰশাসন, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসাৰ দল উপস্থিত হয়। ততাতৈয়াকৈ ক্ষতিগ্ৰস্ত শ্ৰমিকসকলক এম্বুলেন্স আৰু অন্যান্য বাহনৰ সহায়ত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই পৰ্যন্ত ৫ জন শ্ৰমিকৰ মৃত্যু হৈছে। ইয়াৰে তিনিজন ৰোগী ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় আন দুজনৰ। বিষয়াসকলে কয় যে আন কিছুমান ৰোগীৰ অৱস্থা সংকটজনক হৈয়ে আছে, গতিকে মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
চিকিৎসকে কয় যে শৰীৰত প্ৰৱেশ কৰা এমোনিয়া গেছ বৃহৎ পৰিমাণে বহু শ্ৰমিকৰ হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ ভয়াৱহ ক্ষতিসাধন কৰিছে। বহু ৰোগী অক্সিজেনৰ সহায়ত আছে, আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগীক ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত চিকিৎসাধীন হৈ আছে। একাংশ ৰোগীয়েও ভেণ্টিলেটৰৰ সহায় লাভ কৰি আছে।
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি আহতসকলক চেন্নাই আৰু তিৰুভাল্লুৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ২৯ জন শ্ৰমিকক ওৱেলছ প্ৰাইভেট হাস্পতালত ভৰ্তি হোৱাৰ বিপৰীতে ১৮ জন শ্ৰমিকক আন এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও চেন্নাইৰ ষ্টেনলি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১০ জন শ্ৰমিকে বিশেষ চিকিৎসা সেৱা লাভ কৰি আছে।
দুৰ্ঘটনাটোৰ পিছতে জিলা প্ৰশাসন, তামিলনাডু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, কাৰখানা সুৰক্ষা বিভাগ, আৰক্ষীৰ উচ্চপদস্থ বিষয়াই স্থান পৰিদৰ্শন কৰে। তদন্তকাৰী সংস্থাসমূহে গেছ নিৰ্গত হোৱাৰ কাৰণ আৰু কাৰখানাটোত সুৰক্ষাৰ মানদণ্ড কিমানখিনি মানি চলিছিল সেই বিষয়ে তদন্ত কৰি আছে।
আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তটোৱে মূলতঃ কাৰখানাটোৰ গেছ সুৰক্ষা ব্যৱস্থা, সতৰ্কবাণী এলাৰ্ম, জৰুৰীকালীন খালী কৰা ব্যৱস্থা, আৰু সুৰক্ষা সঁজুলিৰ কাৰ্য্যক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিষয়াসকলে জনোৱা মতে, যদিহে তদন্তত গাফিলতি বা সুৰক্ষাৰ নিয়ম উলংঘা হোৱাটো নিশ্চিত হয় তেন্তে কাৰখানা পৰিচালনা আৰু দায়িত্বশীল বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
জিলা প্ৰশাসনে ইংগিত দিছে যে যদি গুৰুতৰ অনিয়মৰ সন্ধান পোৱা যায় তেন্তে চিংৰা প্ৰক্ৰিয়াকৰণ কাৰখানাটো ছীল কৰা হ’ব পাৰে। লগতে ক্ষতিগ্ৰস্ত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ নিৰ্দেশনাও জাৰি কৰা হৈছে।
ইফালে, ৰাজ্য চৰকাৰে আহতসকলৰ চিকিৎসাৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। --------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ