
কলকাতা, ২২ জুন (হি.স.)। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰি ৰাজ্যখনৰ উন্নয়ন, পশ্চিম বংগ দিৱস উদযাপন, নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণ, ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদানক উপযুক্ত স্বীকৃতি প্ৰদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে । মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীৰ হৈ প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ নেতৃত্বত ৰাজ্যখনৰ বাবে এক নতুন যুগ আৰম্ভ হোৱা বুলি উল্লেখ কৰে ৷
পত্ৰখনত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীৰ এই প্ৰচেষ্টাই পশ্চিম বংগত পৰিৱৰ্তন আনিছে আৰু ৰাজ্যখন দীৰ্ঘকালীন দুৰ্নীতি, বিশৃংখলতা, অপশাসনৰ পৰা ওলাই আহিছে । পশ্চিম বংগৰ জনসাধাৰণে এতিয়া উন্নয়ন, শান্তি, সমৃদ্ধি, আত্মসন্মানেৰে আগবাঢ়ি যোৱাৰ সপোন দেখিছে। মুখ্যমন্ত্রীয়ে পশ্চিমবংগৰ জনসাধাৰণৰ হৈ প্রধানমন্ত্রীগৰাকীক কৃতজ্ঞতা প্রকাশ কৰে ৷
২০ জুন তাৰিখটো পশ্চিমবংগ দিৱস হিচাপে পালন কৰাৰ কথা বিশেষ উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ উল্লেখ কৰে যে এই দিনটো পশ্চিম বংগৰ বাবে এক অতি গৌৰৱৰ মুহূৰ্ত, কিয়নো আজিৰ দিনটোতে পশ্চিম বংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থকাটো নিশ্চিত কৰাত ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বিভাজনৰ সময়ত ড০ মুখাৰ্জীয়ে বঙালী হিন্দু আৰু পশ্চিমবংগৰ অস্তিত্ব ৰক্ষাৰ বাবে এক নিৰ্ণায়ক সংগ্ৰাম চলাইছিল ।
মুখ্যমন্ত্ৰীয়ে লিখিছে যে ড° মুখাৰ্জীৰ শ্লোগান আছিল এক সংবিধান, এক পতাকা, এক প্ৰধান । তেওঁ জম্মু-কাশ্মীৰৰ ভাৰতৰ সৈতে সম্পূৰ্ণ একত্ৰীকৰণৰ বাবে যুঁজিছিল আৰু সুকীয়া সংবিধান, সুকীয়া পতাকা, সুকীয়া প্ৰধানমন্ত্ৰীৰ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ২০১৯ চনত মোডী চৰকাৰে ৩৭০ অনুচ্ছেদ বাতিল কৰি ড০ মুখাৰ্জীৰ সপোন পূৰণ কৰিছিল ৷
পত্ৰখনত মুখ্যমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়নক এক ঐতিহাসিক পদক্ষেপ বুলিও আখ্যা দিয়ে। তেওঁ কয় যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত ধৰ্মীয় নিৰ্যাতনৰ পৰা পলায়ন কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, খ্ৰীষ্টানসকলক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত এই আইনখন অতি গুৰুত্বপূৰ্ণ । দশক দশক ধৰি লাখ লাখ শৰণাৰ্থীক নাগৰিকত্বৰ অধিকাৰ প্ৰদান কৰিলে তেওঁলোকৰ জীৱনত মৰ্যাদা, নিৰাপত্তা আৰু স্থিতিশীলতা আহিব ।
তেওঁ উল্লেখ কৰে যে ১৯৪৭ চনৰ বিভাজন, ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধ আৰু তাৰ পিছৰ ধৰ্মীয় হিংসাৰ ফলত বৃহৎ সংখ্যক হিন্দু বঙালী পৰিয়ালৰ স্থানচ্যুতি ঘটিছিল। এই পৰিয়ালবোৰে বছৰ বছৰ ধৰি নিৰাপত্তাহীনতা আৰু পৰিচয় সংকটত জীৱন কটাবলগীয়া হৈছিল। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে চৰকাৰে এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ন্যায় প্ৰদান কৰিছে ।
মুখ্যমন্ত্ৰী অধিকাৰীয়ে প্ৰধানমন্ত্ৰী মোডীৰ পশ্চিম বংগ ভ্ৰমণক ৰাজ্যখনৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনে উন্নয়ন, উদ্যোগ, শিক্ষা, সংস্কৃতি, বিজ্ঞান, সমাজ সংস্কাৰ, আৰু অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। শীঘ্ৰেই পশ্চিম বংগ দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত স্থান পাব বুলি আস্থা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।
পত্ৰৰ সামৰণিত মুখ্যমন্ত্ৰীয়ে পশ্চিম বংগ দিৱস, ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী, নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী, ৰাজ্যত এখন জাতীয়তাবাদী চৰকাৰ গঠন আদি ঐতিহাসিক অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীৰ দীৰ্ঘ আৰু সুস্থ জীৱন কামনা কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ নেতৃত্বত পশ্চিম বংগে নিশ্চিতভাৱে ‘সোনাৰ বাংলা’ৰ সপোন বাস্তৱায়িত কৰিব বুলি আস্থা প্ৰকাশ কৰে ।
------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ