
লণ্ডন, ২২ জুন (হি.স.)। আমেৰিকাৰ কিংবদন্তি টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছে পুনৰবাৰ গ্ৰেণ্ড শ্লেমৰ মঞ্চলৈ উভতি আহিব। ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়নগৰাকীয়ে উইম্বলডন ২০২৬ত অনুষ্ঠিত হ’বলগীয়া একক ইভেণ্টৰ বাবে চূড়ান্ত ৱাইল্ডকাৰ্ড লাভ কৰিছে।
উল্লেখ্য় যে ৪৪ বছৰীয়া ছেৰেনাই ইতিমধ্যে ডাঙৰ ভগ্নী ভেনাছ উইলিয়ামছৰ সৈতে ডাবলছ ইভেণ্টৰ বাবে ৱাইল্ডকাৰ্ড লাভ কৰিছিল যদিও একক শাখাত প্ৰৱেশে ক্ৰীড়াপ্ৰেমীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে।
সাতবাৰৰ উইম্বলডন চেম্পিয়ন ছেৰেনাই শেষবাৰৰ বাবে ২০২২ চনত এই সন্মানীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল । প্ৰথম ৰাউণ্ডত ফ্ৰান্সৰ খেলুৱৈ হাৰমনি টানৰ হাতত পৰাস্ত হৈছিল । সেই বছৰতে ইউ এছ অ’পেনত তাইৰ যাত্ৰা তৃতীয় ৰাউণ্ডত শেষ হৈছিল।
সেই সময়ত ছেৰেনাই টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা নাছিল, তেওঁ এই খেলবিধৰ নতুন পৰ্যায়লৈ আগবাঢ়িছে বুলি উল্লেখ কৰিছিল।
কিন্তু যোৱা বছৰ তেওঁ পুনৰ এণ্টি ড’পিং পৰীক্ষা কাৰ্যসূচীত প্ৰৱেশ কৰাৰ পিছত তেওঁৰ উভতি অহাৰ উৰাবাতৰি তীব্ৰতৰ হৈ পৰে।
শেহতীয়াকৈ তেওঁ টেনিছ ক’ৰ্টলৈ উভতি আহি কানাডাৰ যুৱতী ভিক্টোৰিয়া ম্বোকোৰ সৈতে ডাবলছ খেলিছিল। ইয়াৰ পিছত চেক গণৰাজ্যৰ খেলুৱৈ কেৰ’লিনা মুচোভাৰ সৈতে ডাবলছ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে।
এতিয়া সকলোৰে দৃষ্টি উইম্বলডনত থাকিব, য’ত ছেৰেনাই পুনৰবাৰ একক ক’ৰ্টলৈ গৈ নিজৰ বিখ্যাত কেৰিয়াৰত এক নতুন অধ্যায় যোগ কৰিব।
উল্লেখ্য় যে এইবাৰৰ উইম্বলডন প্ৰতিযোগিতা ২৯ জুনৰ পৰা ১২ জুলাইলৈ অনুষ্ঠিত হ’ব ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ