
ছুহল (জাৰ্মানী), ২২ জুন (হি.স.)। ভাৰতৰ ১৬ বছৰীয়া শ্বুটাৰ প্ৰীতম কেন্দ্ৰেয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত তাৰকাময় স্থান দখল কৰি আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ ২০২৬ ত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিছে ।
মাত্ৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰীতমে আঠজনীয়া ফাইনেলত এক সুৰিত আৰু আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়। ২৫১.৩ স্ক’ৰেৰে শীৰ্ষস্থান দখল কৰে। নিৰপেক্ষ খেলুৱৈ টিমোফেই আলেনিকোভে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে নৰৱেৰ জেন্স অষ্টলিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।
বিশ্ব খিতাপ জয় কৰাৰ পিছত প্ৰীতমে কয় যে প্ৰতিযোগিতাৰ সময়ত তেওঁৰ একমাত্ৰ মনোযোগ আছিল নিজৰ কৌশল উন্নত কৰা আৰু প্ৰতিটো শ্বট নিখুঁতভাৱে খেলা।
প্ৰীতমে এক আনুষ্ঠানিক বিবৃতিত কয় যে, এই জয়ত মই অত্যন্ত সুখী। সমগ্ৰ প্ৰতিযোগিতাখনত মই কেৱল মোৰ কৌশলৰ ওপৰত গুৰুত্ব দিলোঁ আৰু প্ৰতিটো শ্বটতে মোৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিলোঁ।
পুনেৰ বাসিন্দা যুৱ শ্বুটাৰগৰাকীয়েও তেওঁৰ সফলতাৰ কৃতিত্ব গগন নাৰং গান ফৰ গ্ল’ৰী শ্বুটিং একাডেমীৰ বাবে বুলি কয়।
তেওঁ কয়, একাডেমীৰ প্ৰশিক্ষকসকলে মোক বহু ব্যক্তিগত পথ প্ৰদৰ্শন কৰিছিল। আমাৰ প্ৰস্তুতি সদায় কৌশল উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে, আৰু মই বিশ্বাস কৰোঁ যে সেইটোৱেই আছিল এই সফলতাৰ আটাইতকৈ প্ৰধান কাৰণ।
শেহতীয়াকৈ দশম শ্ৰেণীৰ পৰীক্ষা সমাপ্ত কৰা প্ৰীতমে কয় যে এই কৃতিত্বই তেওঁক ভৱিষ্যতে আৰু উন্নত প্ৰদৰ্শন কৰিবলৈ প্ৰেৰণা যোগাব।
তেওঁ কয়, বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক জয় কৰি মোৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাইছে। মই ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত উন্নত প্ৰদৰ্শন আগবঢ়াই যাব বিচাৰো আৰু অনাগত বছৰবোৰত ভাৰতৰ হৈ আৰু বহু পদক লাভ কৰিব বিচাৰো।
জাৰ্মানীৰ ছুহলত অনুষ্ঠিত হোৱা আই এছ এছ এফৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এই পঞ্চম সংস্কৰণত ৭০টা ৰাষ্ট্ৰীয় ফেডাৰেচনৰ ৮০০ৰো অধিক শ্বুটাৰে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাৰ বাবে ভাৰতে ৮৪ জনীয়া এটা দল খেলিছে।
ইয়াৰ পূৰ্বে পেৰুৰ লিমাত অনুষ্ঠিত ২০২৪ চনৰ প্ৰতিযোগিতাত ভাৰতে ২৪টা পদক (১৩টা সোণ, ৩টা ৰূপ, আৰু ৮টা ব্ৰঞ্জ) লাভ কৰি পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছিল।
এই প্ৰতিযোগিতা খন ২৬ জুনলৈকে চলিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ