
নতুন দিল্লী, ২২ জুন (হি.স.)। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই অহা ২৩ জুনত কেৰালা ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত তেওঁ ফিটনেছ, ক্ৰীড়াৰ উৎকৰ্ষতা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰসাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
থিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব চাইক্লিং বাই দ্য ছি অনুষ্ঠানৰ জৰিয়তে এই ভ্ৰমণ আৰম্ভ হ'ব। চাক্কাই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা শংকুমুঘাম বিললৈ অনুষ্ঠিত হ’ব এই চাইকেল অভিযান। এই অনুষ্ঠানৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মায়ালোমৰ জি.ভি. ৰাজা স্কুল অৱ স্প’ৰ্টছো পৰিভ্ৰমণৰ কৰিব । এই প্ৰতিষ্ঠানখন দেশৰ সন্মানীয় ক্ৰীড়া বিদ্যালয়সমূহৰ ভিতৰত অন্যতম আৰু ভাৰতীয় ক্ৰীড়াত অৱদান আগবঢ়োৱা অসংখ্য খেলুৱৈৰ সৃষ্টি হৈছে।
ইয়াৰ পিছতে কেৰালা ইউনিভাৰ্চিটি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আইচি-নাগোয়া এছিয়ান গেমছ ফান ৰাণত অংশগ্ৰহণ কৰিব ড০ মাণ্ডভিয়াই। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত হ’ব। এই আনন্দৰ দৌৰত ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, যুৱ স্বেচ্ছাসেৱক, নাগৰিককে ধৰি ৪০ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া