
অকলেণ্ড, ২২ জুন (হি.স.)। ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ছালিমা টেটে এফ আই এইচ মহিলা নেচনছ কাপ নিউজিলেণ্ড ২০২৫-২৬ খিতাপ দখল কৰাৰ পিছতে কয় যে দলটোৱে আৰম্ভণিৰে পৰাই ট্ৰফী জয়ৰ বাবে এটা স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ফাইনেলত আয়োজক দল নিউজিলেণ্ডক ২-০ গ’লত পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰাৰ লগতে অহা ছিজনৰ এফ আই এইচ প্ৰ’ লীগতো স্থান নিশ্চিত কৰে।
সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতীয় দলটো অপৰাজিত হৈ থাকিল। লীগ পৰ্যায়ত আমেৰিকা, জাপান, উৰুগুৱে, ছেমি ফাইনেলত চিলি আৰু তাৰ পিছত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি খিতাপ দখল কৰে। খিতাপ মেচখনত ভাৰতে উৰণীয়া আৰম্ভণি কৰে। চতুৰ্থ মিনিটত নৱনীত কৌৰে প্ৰথমটো গ’ল দিয়াৰ বিপৰীতে ১৫ মিনিটত সুনেলিতা টপ্প’ই দুগুণ অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছতে শক্তিশালী ৰক্ষণাবেক্ষণৰ বাবেই ভাৰতীয় দলটোৱে খেলখন নিশ্চিত কৰে।
এই জয়ৰ পিছতে সোমবাৰে হকী ইণ্ডিয়াই প্ৰকাশ কৰা এক বিবৃতিত অধিনায়ক ছালিমা টেটে কয় যে, এই ট্ৰফী তুলি লোৱাটো এক আচৰিত অনুভৱ। আমাৰ সমগ্ৰ দলটোৱে এই কৃতিত্বৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। আমি ট্ৰফী লৈ ভাৰতলৈ ঘূৰি অহাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিছিলো। প্ৰ' লীগলৈ ঘূৰি অহাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল, আৰু আমি সুখী যে আমি আমাৰ লক্ষ্যত উপনীত হ'লোঁ।
তেওঁ আৰু কয় যে এই জয়ে আগন্তুক বিশ্বকাপৰ পূৰ্বে দলটোৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব। তেওঁ লগতে কয়, এই সফলতাই বিশ্বকাপৰ পূৰ্বে আমাক নৱীকৃত শক্তি আৰু বিশ্বাস প্ৰদান কৰিব। বৰ্তমান দলটোৱে শক্তিশালী মানসিকতাৰে খেলি আছে, আৰু এই জয় আমাৰ প্ৰস্তুতিৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব।
মুখ্য প্ৰশিক্ষক শ্ব’য়াৰ্ড মেৰিজনে কয় যে গোটেই প্ৰতিযোগিতাখনতে দলটোৱে ধাৰাবাহিকভাৱে প্ৰদৰ্শন আগবঢ়াইছিল, আৰু হেঁচাত পৰি ফাইনেলত জয়ী হোৱাটোৱে খেলুৱৈসকলৰ মানসিক শক্তি প্ৰদৰ্শন কৰে। ভাৰতীয় দলৰ অনুশাসিত ৰক্ষণাবেক্ষণ আৰু পেনাল্টি কৰ্ণাৰত উৎকৃষ্ট প্ৰদৰ্শনক প্ৰশংসা কৰে।
এই কৃতিত্বৰ বাবে হকী ইণ্ডিয়াই প্ৰতিজন খেলুৱৈৰ বাবে ৩ লাখ ₹ আৰু সহায়ক কৰ্মচাৰীৰ প্ৰতিজন সদস্যৰ বাবে ১.৫ লাখ টকাৰ পুৰস্কাৰ ধন ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া