
লছ এঞ্জেলছ, ২২ জুন (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ জি মেচত দেওবাৰে ইৰাণৰ বিৰুদ্ধে হতাশাৰ সন্মুখীন হ’বলগীয়া হয় বেলজিয়ামে। গোটেই মেচখনত আধিপত্য বিস্তাৰ কৰাৰ পিছতো ১০ জন খেলুৱৈৰ সৈতে খেলি ইৰাণৰ শক্তিশালী ৰক্ষণভাগ ভাঙিব নোৱাৰি বেলজিয়ামে ০-০ গ’লত ড্র’ত অন্ত পেলায় ৷
দক্ষিণ কেলিফৰ্ণিয়াত অনুষ্ঠিত হোৱা মেচখনত বেলজিয়ামে দৰ্শকৰ পৰা তীব্ৰ সমৰ্থন লাভ কৰিছিল যদিও ইৰানে উৎকৃষ্ট ৰক্ষণাত্মক খেল প্ৰদৰ্শন কৰি পইণ্টৰ অংশ নিশ্চিত কৰিছিল।
ইৰাণৰ গ’লৰক্ষক আলিৰেজা বেইৰাণভাণ্ড দলটোৰ আটাইতকৈ ডাঙৰ নায়ক হিচাপে প্ৰমাণিত হয়। গোটেই মেচখনত তেওঁ ৭টা গুৰুত্বপূৰ্ণ ছেভ কৰিছিল আৰু বেলজিয়ামৰ বাৰে বাৰে আক্ৰমণ বিফল কৰিছিল।
বেলজিয়ামে বলৰ ওপৰত অধিক নিয়ন্ত্ৰণ বজাই ৰাখি কেইবাটাও সুযোগ সৃষ্টি কৰিছিল যদিও দ্বিতীয়াৰ্ধত ডিফেণ্ডাৰ নাথান এনগয়ক ৰঙা কাৰ্ডৰে বাহিৰ কৰি দিয়াত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। গ’লৰ দিশে আগবাঢ়ি যোৱা ইৰাণী ষ্ট্ৰাইকাৰ মেহদি তাৰেমীক ৰখাবলৈ চেষ্টা কৰি তেওঁ এটা ফাউল কৰে।
এজন খেলুৱৈ কম হোৱাৰ পিছতো বেলজিয়ামে আক্ৰমণ অব্যাহত ৰাখিছিল যদিও ইৰাণৰ অনুশাসিত ৰক্ষণভাগৰ বিৰুদ্ধে সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল।
এই ড্ৰ’ৰ জৰিয়তে এতিয়া ইৰাণৰ হাতত দুটা পইণ্ট আছে আৰু পৰৱৰ্তী সময়ত শুকুৰবাৰে ছিয়াটলত ইজিপ্তৰ বিৰুদ্ধে খেলিব। বেলজিয়ামৰো দুটা পইণ্ট আছে আৰু ইয়াৰ পৰৱৰ্তী মেচ হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে ভেংকুৱাৰত।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ