
লণ্ডন, ২২ জুন (হি.স.)। ইংলেণ্ডে প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ আশাত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। অ’ভালত নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে ইংলেণ্ডে ১২টা ডব্লিউ টি চি পইণ্ট কৰ্তন কৰিছে।
অভাল টেষ্টত ইংলেণ্ডক ২৫৩ ৰানত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলা সমতা স্থাপন কৰে নিউজিলেণ্ডে। খেলখনৰ পিছতে নিৰ্ণয় কৰা হয় যে ইংলেণ্ড নিৰ্ধাৰিত সময়ত ১২ অভাৰ পিছ পৰি আছে। ফলস্বৰূপে দলটোক মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হোৱাৰ লগতে পইণ্ট কৰ্তন কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এক বিবৃতিত উল্লেখ কৰিছে যে ইংলেণ্ডৰ ভাৰপ্ৰাপ্ত অধিনায়ক জো ৰুটে নিজৰ ভুল স্বীকাৰ কৰি প্ৰস্তাৱিত নিষেধাজ্ঞা মানি লোৱাত আনুষ্ঠানিক শুনানিৰ প্ৰয়োজনীয়তা নাইকিয়া হৈছে।
এই নিষেধাজ্ঞাৰ পিছত ইংলেণ্ড বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ৰেংকিঙত সপ্তম স্থানত আছে যদিও তেওঁলোকৰ পইণ্টৰ শতাংশ ৩৪.৭২ৰ পৰা ২৬.৩৮লৈ হ্ৰাস পাইছে।
অহা বছৰ লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ শীৰ্ষ দুটা দলে মুখামুখি হ’ব। বৰ্তমান অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই শীৰ্ষ দুটা স্থান দখল কৰিছে।
ইংলেণ্ডৰ নিয়মীয়া অধিনায়ক বেন ষ্ট’কছে নটিংহামত নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় আৰু অন্তিমখন টেষ্টৰ বাবে পুনৰ খেলপথাৰত নামিব৷ দ্বিতীয়খন টেষ্টৰ সময়ত লণ্ডনৰ এটা নাইট ক্লাবত সময়সীমা উলংঘা কৰাৰ বাবে ষ্ট’কছ আৰু ফাষ্ট বলাৰ গাছ এটকিনছনক নিলম্বন কৰা হয়।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ