ইউ এছ অ’পেন ছুপাৰ ৩০০ত ভাৰতৰ প্ৰত্যাহ্বানৰ নেতৃত্ব দিব লক্ষ্য সেন আৰু তনভি শৰ্মা
নতুন দিল্লী, ২২ জুন (হি.স.)। আমেৰিকাৰ ফুলাৰ্টনত মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ইউ এছ অ’পেন ছুপাৰ ৩০০ বেডমিণ্টন প্ৰতিযোগিতাত পেৰিছ অলিম্পিকৰ ছেমিফাইনেলিষ্ট লক্ষ্য সেন আৰু যুৱ বেডমিণ্টন খেলুৱৈ তনভি শৰ্মাই ভাৰতৰ অভিযানৰ নেতৃত্ব দিব। কেইবাগৰাকীও অভিজ্ঞ আৰ
भारतीय बैडमिंटन खिलाड़ी लक्ष्य सेन


নতুন দিল্লী, ২২ জুন (হি.স.)। আমেৰিকাৰ ফুলাৰ্টনত মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ইউ এছ অ’পেন ছুপাৰ ৩০০ বেডমিণ্টন প্ৰতিযোগিতাত পেৰিছ অলিম্পিকৰ ছেমিফাইনেলিষ্ট লক্ষ্য সেন আৰু যুৱ বেডমিণ্টন খেলুৱৈ তনভি শৰ্মাই ভাৰতৰ অভিযানৰ নেতৃত্ব দিব। কেইবাগৰাকীও অভিজ্ঞ আৰু যুৱ ভাৰতীয় খেলুৱৈয়ে ইজনে সিজনক বিভিন্ন শাখাত প্ৰত্যাহ্বান জনাব।

পুৰুষৰ একক শাখাত দ্বিতীয় বাচনিৰ আৰু বিশ্বৰ ১৪ নম্বৰ স্থানত থকা লক্ষ্য সেনে বেলজিয়ামৰ জুলিয়েন কাৰাগীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। শেহতীয়াকৈ ইণ্ডোনেছিয়া অ’পেনত লক্ষ্যই আগতীয়াকৈ বাহিৰ হোৱাৰ সন্মুখীন হৈছিল আৰু তেওঁ উভতি আহিবলৈ বিচাৰিব। প্ৰতিযোগিতাখনৰ দ্বিতীয়াৰ্ধত চীনা টাইপেইৰ শীৰ্ষ ছিড চৌ টিয়েন চেনক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হয়। লক্ষ্যৰ বিৰুদ্ধে এতিয়ালৈকে ৫-৪ৰ অভিলেখ আছে।

বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰাক্তন ৰূপৰ পদক বিজয়ী তথা পঞ্চম ছিড কিদাম্বী শ্ৰীকান্তই প্ৰথম ৰাউণ্ডত চাইনিজ টাইপেইৰ লিয়াও ঝুও-ফুৰ বিৰুদ্ধে খেলিব। ইফালে চতুৰ্থ বাচনিৰ জাপানৰ যুদাই অকিমোটোৰ বিৰুদ্ধে খেলিব সনীত দয়ানন্দৰ। এছ শংকৰ মুথুছামী সুব্ৰমণিয়ানে কোৱালিফায়াৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

মহিলা একক ইভেণ্টৰ মূল ড্ৰ’ত আছে ৭ গৰাকী ভাৰতীয় খেলুৱৈ। ইয়াৰ ভিতৰত পঞ্চম বাচনিৰ তনৱী শৰ্মা আৰু ষষ্ঠ বাচনিৰ দেৱীকা ছিহাগ আছে। চলিত মাহত অষ্ট্ৰেলিয়ান অ’পেন ছুপাৰ ৫০০ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ১৭ বছৰীয়া তনভি শৰ্মাই প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ ইভন লিৰ বিৰুদ্ধে খেলিব। এই ছিজনত থাইলেণ্ড মাষ্টাৰছ আৰু আজাৰবাইজান ইণ্টাৰনেশ্যনেলত জয়ী হোৱা দেৱীকা ছিহাগে পেৰুৰ ইনেছ লুচিয়া কাষ্টিলো চালাজাৰৰ বিৰুদ্ধে খেলিব।

বুলগেৰিয়াৰ কালোইনা নালবাণ্টোভাৰ বিৰুদ্ধে মুখামুখি হ’ব আনমোল খাৰাবৰ। কোৱালিফায়াৰৰ মুখামুখি হ’ব ৰক্ষিতা শ্ৰী এছ আৰু দ্বিতীয় ৰাউণ্ডত শীৰ্ষ বাচনিৰ মিচেল লিৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে। কানাডাৰ ৰেচেল চানৰ বিৰুদ্ধে শ্ৰিয়ানছি ৱালিছেট্টীৰ মুখামুখি হোৱাৰ বিপৰীতে জাপানৰ তৃতীয় ছিড ৰিকো গুঞ্জীৰ বিৰুদ্ধে খেলিব তনয়া হেমন্থ। চীনা টাইপেইৰ টুং ছিয়াও-টঙৰ বিৰুদ্ধে খেলিব আকাংক্ষা কাশ্যপে।

কমনৱেলথ গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী যুটি ত্ৰিছা জলী আৰু গায়ত্ৰী গোপিচাণ্ড মহিলাৰ ডাবলছত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি হ’ব। তেওঁলোকৰ প্ৰথমখন মেচ হ’ব স্পেইনৰ প’লা লোপেজ আৰু লুচিয়া ৰড্ৰিগেজৰ বিৰুদ্ধে।

মিক্সড ডাবলছত সপ্তম ছিড ধ্ৰুৱ ৰাৱট আৰু মনীষাই ইণ্ডোনেছিয়াৰ উইৰাৱান ইহছান আদম আৰু ছেৰেনা কানিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

পুৰুষৰ ডাবলছ শাখাৰ মূল ড্ৰ’ত ভাৰতৰ কোনো যোৰ অন্তৰ্ভুক্ত হোৱা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande