চিৰাঙত আৰক্ষীৰ অভিযানত চোৰাং গৰু ভৰ্তি বাহন জব্দ
চিৰাঙ, ২২জুন (হি.স.)। নিশা চিৰাঙৰ চাপাগুৰী (বেংতলগেট)ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এখন গৰু ভৰ্তি বলেৰ'' পিকআপ বাহন সহ তিনিজন সৰবৰাহকাৰী আটক। আটকাধীন সৰবৰাহকাৰীৰ তথ্যৰ ভিত্তিত চোৰাং গৰু সৰবৰাহকা
চিৰাঙত আৰক্ষীৰ অভিযানত চোৰাং গৰু ভৰ্তি বাহন জব্দ


চিৰাঙ, ২২জুন (হি.স.)।

নিশা চিৰাঙৰ চাপাগুৰী (বেংতলগেট)ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

এখন গৰু ভৰ্তি বলেৰ' পিকআপ বাহন সহ তিনিজন সৰবৰাহকাৰী আটক।

আটকাধীন সৰবৰাহকাৰীৰ তথ্যৰ ভিত্তিত চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ কুখ্যাত গো-মাফিয়া আব্দুল হাই নাগৰীক আটক ।

কালি নিশা চিৰাং আৰক্ষীৰ এটা দলে গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত কাজলগাঁৱৰ চাপাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এ এচ ১৯ এ চি ৮৮০১ পঞ্জীয়নৰ বলেৰ' পিকআপ ভেনত পান জপাদি অনা ১২ টা গৰু সহ জব্দ কৰে লগতে এজন লোকক আটক কৰে ।

চোৰাং গৰুৰ সৰবৰাহত জৰিত ধৃত লোকজনৰ তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড গো-মাফিয়া আব্দুল হাই নাগৰীক বঙাইগাঁৱৰ পৰা এএচ০১ইপি ৫১৮১ পঞ্জীয়নৰ স্কৰ্পিঅ' বাহন সহ আটক কৰে ।

উল্লেখ্য যে চোৰাং গৰু সৰবৰাহ কৰাৰ অভিযোগত চিৰাং আৰক্ষীয়ে আটক কৰা এইজন আব্দুল হাই নাগৰী যোৱা বিধানসভা নিৰ্বাচনত বিজনী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ।

উল্লেখ যে চিৰাং জিলাত নিশাৰ ভাগত দীৰ্ঘদিনৰ পৰা চোৰাং গৰু সৰবৰাহকাৰী চক্ৰ সক্ৰিয় ৰূপত কাম কৰি আছিল।

আজি চোৰাং গৰু সৰবৰাহকাৰী চক্ৰটোৰ অন্যতম গো-মাফিয়া বিজনী দংশীয়াপাৰাৰ আব্দুল হাই নাগৰীৰ লগতে বিজনী ভাউৰাগুৰীৰ জুলফিকাৰ জাকাৰীয়া আৰু আমগুৰী থানাৰ কলিয়াগাঁৱৰ সাইজুদ্দিন আলী মুঠ তিনিজনক গ্ৰেপ্তাৰ কৰে।

আজি জেষ্ঠ্য আৰক্ষী অধীক্ষক মোহন লাল মিনা আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত মাহাতো নিজে কাজলগাঁও থানাত উপস্থিত হৈ গো-মাফিয়া চক্ৰটোৰ সদস্য সকলক সোধপোছ কৰি তদন্ত অব্যাহত আছে ।

কিন্তু আৰক্ষী অধীক্ষক জনে তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত কোনো ধৰনৰ মন্তব্য কৰা কৰাৰ পৰা বিৰত থাকে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande