
শিৱসাগৰ, ২২ জুন (হি.স.)। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰত চিলাই মেচিন বিতৰণ ।
মহিলা সবলীকৰণৰ উদ্দেশ্যেৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই মহিলা সকলৰ মাজত চিলাই মেচিন বিতৰণ কৰে ।
শিৱসাগৰ নাট্য মন্দিৰত আয়োজিত এক অনুষ্ঠানত ৪০০ গৰাকী মহিলাৰ মাজত কম মূল্যত চিলাই মেচিন বিতৰণ কৰা হয়।
প্ৰথম পৰ্যায়ত ৪০০ গৰাকী মহিলাৰ মাজত চিলাই মেচিন বিতৰণ কৰাৰ লগতে দ্বিতীয় পৰ্যায়ত ৮০০ গৰাকী মহিলাক সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নিজাববীয়া প্ৰচেষ্টাত কম মূল্যত চিলাই মেচিন বিতৰণ কৰা হব ।
ইয়াৰোপৰি মহিলাৰ গোট সমূহৰ মাজত তাতশাল বিতৰণৰ কৰা হব বুলি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে জানিবলৈ দিয়ে।
উক্ত বিতৰণ কাৰ্য্যসূচী কেৱল আহোম জনগোষ্ঠীয় মহিলা সকলৰ মাজতেই আবদ্ধ নাৰাখি সকলো জাতি আৰু জনগোষ্ঠীয় মহিলাক সামৰি লোৱা হব বুলি বসন্ত গগৈয়ে জানিবলৈ দিয়ে ।
মহিলা সকলৰ মাজত চিলাই মেচিন বিতৰণ কাৰ্য্যসূচীত শিৱসাগৰ জিলা জেষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়া উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা