
লক্ষীমপুৰ, ২২ জুন (হি.স.)। যোৱা নিশাৰ পৰা হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত দ্ৰোপাং নদীৰ বাঢ়নী পানীয়ে ছিঙিলে নাৰায়ণপুৰৰ পৰা আথানিবাৰী, ৰঙতি হৈ শিমলুগুৰি সংযোগী পথ । হাহাকাৰ অৱস্থা ৰাইজৰ। বিশেষকৈ কোনো এখন বিদ্যালয়লৈ যাব নোৱাৰিলে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী।
আঠানিবাৰী এই চিঙা অংশৰে সোমোৱা পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে কৃষক ৰাইজৰ। অতি শীঘ্ৰে চৰকাৰৰ লগতে স্থানীয় বিধায়ক ভূপেন কুমাৰ বৰাক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনালে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু