সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত তিনি সহস্রাধিক লোকৰ উপস্থিতিত বিশাল ৰাজহুৱা সভা
গোলাঘাট, ২২জুন (হি.স.)। সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত তিনি সহস্রাধিক লোকৰ উপস্থিতিত বিশাল ৰাজহুৱা সভা। উৰিয়ামঘাটৰ ১৫ টাতকৈ অধিক জাতীয় সংগঠনৰ অংশগ্রহণ বিশাল ৰাজহুৱা সভাত। কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত ত্ৰিপাক্ষি
সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত তিনি সহস্রাধিক লোকৰ উপস্থিতিত বিশাল ৰাজহুৱা সভা


গোলাঘাট, ২২জুন (হি.স.)। সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত তিনি সহস্রাধিক লোকৰ উপস্থিতিত বিশাল ৰাজহুৱা সভা।

উৰিয়ামঘাটৰ ১৫ টাতকৈ অধিক জাতীয় সংগঠনৰ অংশগ্রহণ বিশাল ৰাজহুৱা সভাত।

কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে অসম-নাগালেণ্ড সীমা সমস্যাৰ ওৰ পেলোৱাৰ দাবী দল-সংগঠনৰ।

ইতিমধ্যে বিষয়টোৰ ক্ষেত্রত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে দল-সংগঠনে।

বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৰ সীমা সংঘাট অতিশীঘ্ৰে সমাধান কৰি সীমান্তবাসীৰ জীৱন জীৱিকাৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ মুখ্যমন্ত্ৰীৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ জাতীয় দল-সংগঠনৰ লগতে সীমান্তবাসীৰ।

ইয়াৰোপৰি অসম-নাগালেণ্ড দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত দুয়োখন ৰাজ্যৰ চৰকাৰ আৰু ৰাইজৰ মাজত অতি কম সময়ৰ ভিতৰত এখন সভা আহ্বান কৰাৰ লগতে যাৱতীয় কাম-কাজ সম্পাদন কৰিবৰ বাবে এটা সজাতি প্ৰতিনিধি দল গঠন কৰাৰ দৰে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লয় ৰাজহুৱা সভাই।

ইয়াৰ দ্বাৰা পৰৱৰ্তী সময়ত দুয়োখন ৰাজ্যৰ সীমা সংঘাটকে আদি কৰি দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি বৰ্তি থাকিব বুলি বিশ্বাস সীমান্তবাসীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande