ৰূপহীহাটৰ কাৱৈমাৰীত আৰক্ষীৰ সজাগতা সভা
নগাঁও, ২২জুন (হি.স.)। ৰূপহীহাটৰ কাৱৈমাৰীত আৰক্ষীৰ সজাগতা সভা। কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ, মদ, বাল্য বিবাহ, যানবাহন আইন আদিৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত কৰে কাৱৈমাৰী আৰক্ষীয়ে। বাল্য বিবাহ, ড্ৰাগছ, মদ সমাজৰ বাবে এক ব্যাধি। সমাজৰ পৰা
ৰূপহীহাটৰ কাৱৈমাৰীত আৰক্ষীৰ সজাগতা সভা


নগাঁও, ২২জুন (হি.স.)। ৰূপহীহাটৰ কাৱৈমাৰীত আৰক্ষীৰ সজাগতা সভা। কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ, মদ, বাল্য বিবাহ, যানবাহন আইন আদিৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত কৰে কাৱৈমাৰী আৰক্ষীয়ে। বাল্য বিবাহ, ড্ৰাগছ, মদ সমাজৰ বাবে এক ব্যাধি। সমাজৰ পৰা এই সমূহ সামাজিক ব্যাধি কেনেকৈ দূৰ কৰিব পাৰি এই বিষয়ত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যে ভাষণ প্ৰদান কৰে কলিয়াবৰ সমজিলাৰ আৰক্ষী অধীক্ষক বিতুল চেতিয়াই।

সমাজত চলি থকা ব্যাধি সমূহ দূৰ কৰাৰ ক্ষেত্ৰত সকলো ৰাইজক সজাগ সচেতন হ'বলৈ আহ্বান। সমজিলাৰ আৰক্ষী অধীক্ষক গৰাকী সভাখনত উপস্থিত থকাৰ লগতে ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কাৱৈমাৰী অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande