
গোলাঘাট, ২২ জুন (হি.স.)। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত বোকাখাতত ৫১ টা আত্মসহায়ক গোটৰ মাজত গাহৰি আৰু কুকুৰা পালনৰ এক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বোকাখাত সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ সোমবাৰে বোকাখাতৰ পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ৰ প্ৰশাসনিক ভৱনত ১০ দিনীয়াকৈ চলিব লগা এই প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷
বোকাখাত সমষ্টিৰ পূৰ্বৰ ৪৫০ গোটক নিৰ্বাচন কৰি প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বী হোৱাৰ পথ বাচি দিছিল ৷ মহিলা আত্মসহায়ক গোটৰ মাজত ইয়াৰ চাহিদা বৃদ্ধি পোৱাৰ পিছত নতুনকৈ ৫১ টা আত্মসহায়ক গোটক নিৰ্বাচন কৰি গাহৰি আৰু কুকুৰা পালনৰ প্ৰশিক্ষণ প্ৰদান কৰিব ৷ ইয়াৰ অংশ হিচাপে নতুনকৈ নিৰ্বাচন কৰা ৫১ গোটক প্ৰশিক্ষণ দি স্বাৱলম্বী হোৱাৰ পথ বাছি দিব চৰকাৰ তথা বিভাগীয় কতৃপক্ষই ৷ প্ৰশিক্ষণ গ্ৰহণৰ পিছত ৫১টা আত্মসহায়ক গোটক ৩ কোটি টকা অৰ্থ সাহাৰ্য অসম চৰকাৰে প্ৰদান কৰিব ৷ ইয়াৰ জৰিয়তে আত্মসহায়ক গোটসমূহ স্বাৱলম্বী হোৱাৰ বাবে পথ বাছি ল'ব পাৰিব ৷
আত্মসহায়ক গোটসমূহক স্বাৱলম্বী হোৱাৰ বাবে পূৰ্বৰ চৰকাৰে মাজুলী, জালুকবাৰী আৰু বোকাখাতক নিৰ্বাচন কৰিছিল ৷ ইয়াৰ অংশ হিচাপেই সোমবাৰে বোকাখাতত এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ৷ তাৰোপৰি সমাগত বানপানী, অবৈধ চুলাই মদৰ প্ৰচলন আৰু মুখ্যমন্ত্ৰীৰ গৌৰৱ পথৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সোমবাৰৰ অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী পূৰ্ণিমা দাস, বোকাখাত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লইঙৰ লগতে বোকাখাত সমজিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত আৰু বিভাগীয় বিষয়া-কৰ্ম্মচাৰী আৰু প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা