যোগে সুস্থ আৰু ইতিবাচক জীৱনৰ প্ৰেৰণা দিয়েঃ প্ৰধানমন্ত্ৰী মোডী
নতুন দিল্লী, ২২ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অভূতপূৰ্ব সফলতাই প্ৰমাণ যে বিশ্বৰ লাখ লাখ লোকক শাৰীৰিকভাৱে সুস্থ কৰি তোলাই নহয়, আত্মবিশ্বাসেৰে ইতিবাচক জীৱন যাপন কৰিবলৈও অনুপ্ৰাণিত কৰিছে। সোমবাৰে প্ৰধান
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


নতুন দিল্লী, ২২ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অভূতপূৰ্ব সফলতাই প্ৰমাণ যে বিশ্বৰ লাখ লাখ লোকক শাৰীৰিকভাৱে সুস্থ কৰি তোলাই নহয়, আত্মবিশ্বাসেৰে ইতিবাচক জীৱন যাপন কৰিবলৈও অনুপ্ৰাণিত কৰিছে।

সোমবাৰে প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত সংস্কৃত শ্লোক এটা শ্বেয়াৰ কৰি যোগৰ গুৰুত্ব আৰু জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে লিখিছে -

চিত্তপ্ৰশমানোপয়ো যোগ ইত্যাভিধিয়তে।প্ৰাণস্পন্দনিৰোধ বা দ্বেধ যোগাস্য ধৰণ।

অৰ্থাৎ মনক সম্পূৰ্ণ শান্ত আৰু সুস্থিৰ কৰি তোলাৰ সৰ্বোত্তম উপায় যোগ। এই লক্ষ্যত উপনীত হ’বলৈ যোগৰ প্ৰধান দুটা পথ বৰ্ণনা কৰা হৈছে- মনক শান্ত কৰা আৰু উশাহ-নিশাহৰ হাৰ নিয়ন্ত্ৰণ কৰা। যোগৰ জৰিয়তে মানসিক ভাৰসাম্য, আধ্যাত্মিক শান্তি, ইতিবাচক শক্তি লাভ কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে কয় যে যোগ আজি সমগ্ৰ বিশ্বতে মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে আৰু ই এক সুস্থ, সুষম, আত্মবিশ্বাসী জীৱনৰ পথ প্ৰশস্ত কৰিছে। -----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande