গৌৰীপুৰত সাংবাদিকক আক্ৰমণ কৰা গুণ্ডাৰূপী পঞ্চায়ত সদস্যক আটক আৰক্ষীৰ
গৌৰীপুৰত সাংবাদিকক আক্ৰমণ কৰা গুণ্ডাৰূপী পঞ্চায়ত সদস্যক আটক আৰক্ষীৰ।
গৌৰীপুৰত সাংবাদিকক আক্ৰমণ কৰা গুণ্ডাৰূপী পঞ্চায়ত সদস্যক আটক আৰক্ষীৰ


ধুবুৰী, ২২ জুন (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত সাংবাদিকক আক্ৰমণ কৰা গুণ্ডাৰূপী পঞ্চায়ত সদস্যক যোৱা কালি দেওবাৰে বিয়লি আটক কৰে আৰক্ষীয়ে । গৌৰীপুৰ আৰক্ষীৰ জালত পৰে শিলাইৰপাৰ গাঁও পঞ্চায়ত সদস্য মনিচুৰ ৰহমান।

জানিব পৰামতে, যোৱা পৰহি কৰ্তব্যৰত গৌৰীপুৰৰ সাংবাদিক ইনজামামূল হকৰ মোবাইল ফোন কাঢ়ি নি আক্ৰমণ কৰাৰ বাবে উৰ্দ্ধত হৈছিল পঞ্চায়ত সদস্য গৰাকীয়ে । গৌৰীপুৰৰ সাংবাদিক ইনজামামূল হকৰ এজাহাৰ ভিক্তিত আটক কৰা হয় পঞ্চায়ত সদস্য মনিচুৰ ৰহমানক । গৌৰীপুৰ আৰক্ষীয়ে গুণ্ডাৰূপী সদস্য গৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande