
বৰপেটা, ২২ জুন (হি.স.)। বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা |
তীব্ৰবেগী পালচাৰ মটৰ চাইকেলৰ খুন্দাত এজন লোকৰ থিতাতে মৃত্যু হয় |
নিহত লোকজনক বৰপেটা ৰোডৰ বালাভিঠা জামতল গাঁওৰ নুৰ হুছেইন মণ্ডল বুলি চিনাক্ত কৰা হৈছে |
লোকজনে ঘৰৰ পৰা চাহ দোকানলৈ চাহ খাবলৈ গৈছিল |
চাহ দোকানত চাহ খাই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ লওতেই এএছ ১৭পি ৮৭৬০ নম্বৰৰ তীব্ৰবেগী পালছাৰ খনে লোকজনক প্ৰচণ্ডভাবে খুন্দা মাৰে |
ফলত লোকজন থিতাতে নিহত হয় |
ইপিনে দূৰ্ঘটনাটোত ধুবুৰীৰ অনোৱাৰ হুছেইন আৰু সাহাদত আলী নামৰ দুই মটৰ চাইকেল আৰোহী গুৰুতৰভাবে আহত হয় |
ইয়াৰে আনোৱাৰ হুছেইনৰ আঘাত গুৰুতৰ বুলি জনাইছে চিকিৎসকে |
ধুবুৰীৰ দুই যুৱকে গুৱাহাটীত ৰাজমিস্ত্ৰীৰ কাম কৰে
|
দুয়ো যুৱকে ধুবুৰীৰ ঘৰৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত দূৰ্ঘটনাটেত পতিত হয় |
সম্প্ৰতি দুই মটৰ চাইকেল আৰোহী যুৱকক বৰপেটাৰোড এফ আৰ ইউ হস্পিটালত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা