
কাঠমাণ্ডু, ২২ জুন (হি.স.)। ইলেক্ট্ৰনিক পাছপ’ৰ্ট (ই-পাছপ’ৰ্ট) ছপা আৰু ক্ৰয় প্ৰক্ৰিয়াত সংঘটিত হোৱা অভিযোগ সন্দৰ্ভত সোমবাৰে নেপালৰ দুৰ্নীতি বিৰোধী ব্যুৰোৱে বিশেষ আদালতত দুৰ্নীতিৰ গোচৰ ৰুজু কৰে। এই গোচৰত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে প্ৰাক্তন বৈদেশিক মন্ত্ৰী ড০ অৰ্জু দেউবাকে ধৰি ১৮ জন ব্যক্তি।
ই-পাছপ’ৰ্ট ব্যৱস্থাৰ ক্ৰয় আৰু কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াত হোৱা কথিত আৰ্থিক আৰু পদ্ধতিগত অনিয়মৰ সৈতে জড়িত এই গোচৰটো। অভিযোগ উত্থাপন কৰাসকলৰ ভিতৰত আছে প্ৰাক্তন বৈদেশিক মন্ত্ৰী অৰ্জু ৰানা দেউবা, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা, পাছপ’ৰ্ট বিভাগৰ জ্যেষ্ঠ বিষয়া, প্ৰকল্পটোৰ সৈতে জড়িত বিদেশী ঠিকাদাৰ কোম্পানীসমূহৰ প্ৰতিনিধি। এই গোচৰত ইয়াৰ পূৰ্বেও প্ৰাক্তন বৈদেশিক মন্ত্ৰী অৰ্জু ৰানা দেউবাক জেৰা কৰা হৈছিল। ইয়াৰ পূৰ্বেও ইমেইলযোগে ব্যুৰোক জনাইছিল যে তেওঁ বৰ্তমান চিকিৎসাৰ বাবে বিদেশত আছে আৰু উভতি অহাৰ লগে লগে তদন্তত সহযোগ কৰিব।
দুৰ্নীতি নিবাৰক ব্যুৰোৰ তথ্য অনুসৰি তদন্তৰ সময়ত ইতিমধ্যে কেইবাজনো বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে, য’ত পাছপ’ৰ্ট বিভাগৰ তদানীন্তন সঞ্চালক প্ৰধান তীৰ্থৰাজ আৰিয়ালকে ধৰি ক্ৰয় প্ৰক্ৰিয়াৰ সৈতে জড়িত আন আন আমোলাও গ্ৰেপ্তাৰ কৰা হৈছে। ব্যুৰোটোৰ মতে, তদন্তত প্ৰায় ৬০০ কোটি টকাৰ কথিত অনিয়মৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, য’ত চৰকাৰী বিষয়াৰ লগতে বিদেশী কোম্পানীসমূহৰ প্ৰতিনিধিও জড়িত আছিল। অৱশ্যে দুৰ্নীতি বিৰোধী সংস্থাটোৱে এতিয়াও বিতং অভিযোগনামা প্ৰকাশ কৰা নাই।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ