মৰিগাঁও জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
মৰিগাঁও, ২২ জুন (হি.স.)। চৰকাৰৰ ধাৰাবাহিক ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে আজি মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। মৰিগাঁও চহৰত অনুষ্ঠিত এই প্ৰতিবাদ কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নেতৃত্বৰ লগতে অৰ্ধশতাধিক
মৰিগাঁও জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ


মৰিগাঁও জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ


মৰিগাঁও, ২২ জুন (হি.স.)। চৰকাৰৰ ধাৰাবাহিক ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে আজি মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। মৰিগাঁও চহৰত অনুষ্ঠিত এই প্ৰতিবাদ কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নেতৃত্বৰ লগতে অৰ্ধশতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে হাতত বেনাৰ লৈ চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বেনাৰখনত উল্লেখ থকা অনুসৰি, কংগ্ৰেছ দলে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। মূল অভিযোগ আৰু দাবীসমূহ–

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল– চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে বাৰে বাৰে NEET (নীট) আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। ইয়াৰ ফলত পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হোৱাত ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মূখীন হৈছে।

নিযুক্তিৰ লেহেমীয়া গতি– নিযুক্তি প্ৰক্ৰিয়া সমূহত অস্বাভাৱিক ধৰণে পলম হোৱাৰ বাবে ৰাজ্য তথা দেশৰ লাখ লাখ শিক্ষিত যুৱক-যুৱতীৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে।

নিবনুৱা সমস্যাৰ সমাধানহীনতা– বৰ্তমানৰ চৰকাৰ খনে নিবনুৱা সমস্যাৰ কোনো সঠিক আৰু স্থায়ী সমাধান উলিয়াব পৰা নাই।

আকাশলংঘী মূল্যবৃদ্ধি– পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধ আদিকে ধৰি সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি এতিয়া আকাশলংঘী হৈ পৰিছে। এই অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে কংগ্ৰেছে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

দেশৰ শিক্ষা ব্যৱস্থাক ধ্বংস কৰা, যুৱ প্ৰজন্মক সংস্থাপনহীনতাৰ মাজলৈ ঠেলি দিয়া আৰু আকাশলংঘী মূল্যবৃদ্ধিৰে জনসাধাৰণক জুৰুলা কৰা এই চৰকাৰৰ বিৰুদ্ধে আমাৰ গণতান্ত্ৰিক যুঁজখন অব্যাহত থাকিব। — জিলা কংগ্ৰেছ নেতৃত্ব

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত লাহৰিঘাট সমষ্টিৰ বিধায়ক ড০ আছিফ মহম্মদ নাজাৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ কেইবা গৰাকীও জ্যেষ্ঠ তথা বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande