চৰকাৰী ড্ৰেইনক শৌচাগাৰৰ টেংকীৰূপে ব্যৱহাৰ চেষ্টা দেৰগাঁৱৰ ব্যৱসায়ীৰ
গোলাঘাট, ২২ জুন (হি.স.)। চৰকাৰী ড্ৰেইনক শৌচাগাৰৰ টেংকী ৰূপে ব্যৱহাৰ কৰাৰ চেষ্টাৰ ঘটনাক লৈ দেৰগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী ব্যৱসায়ীৰ। জনৈক ৰাজু জালান নামৰ ব্য়ৱসায়ী জনৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ । নিজা বাসগৃহৰ শৌচাগাৰৰ
চৰকাৰী ড্ৰেইনক শৌচাগাৰৰ টেংকীৰূপে ব্যৱহাৰ চেষ্টা দেৰগাঁৱৰ ব্যৱসায়ীৰ


গোলাঘাট, ২২ জুন (হি.স.)। চৰকাৰী ড্ৰেইনক শৌচাগাৰৰ টেংকী ৰূপে ব্যৱহাৰ কৰাৰ চেষ্টাৰ ঘটনাক লৈ দেৰগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী ব্যৱসায়ীৰ। জনৈক ৰাজু জালান নামৰ ব্য়ৱসায়ী জনৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ । নিজা বাসগৃহৰ শৌচাগাৰৰ পাইপ পোনপটীয়াকৈ চৰকাৰী ফুটপথৰ ড্ৰেইনত সংযোগ কৰি এক প্ৰকাৰে ব্যক্তিগত টেংকী হিচাপে ব্যৱহাৰ কৰিছে ব্যৱসায়ীজনে। ঘটনাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে দেৰগাঁৱৰ নাগৰিক সমাজে ।

অভিযোগ অনুসৰি ৰাজু জালান নামৰ ব্যৱসায়ী জনে নিজৰ ঘৰৰ শৌচাগাৰৰ পাইপ পদ পথৰ ড্ৰেইনৰ লগত সংলগ্নৰ কৰি লৈছে। যিহেতু শৌচাগৰৰ পাইপ পদপথৰ ড্ৰেইনত সংযোজন কৰাটো আইন সন্মত নহয় । আনহাতেদি এই ৰাজু জালান নামৰ ব্যৱসায়ী জনে পদ পথৰ কাষৰ চৰকাৰী ভূমি অগ্ৰসন কৰি এক প্ৰকাৰে পথচাৰিক বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে । এই বিষয়ে অৱগত হোৱাত দেৰগাঁও পৌৰসভাৰ বিষয়াক আৰু তৎকালীন ভাবে ঘটনা স্থলীত উপস্থিত হয় উপ -পৌৰপতি শুভাঙ্কৰ ঘোষ আৰু সমগ্ৰ ঘটনাৰ বুজ লয় । তেওঁ কয় যে এই কাৰ্য্য সম্পূৰ্ণ ৰূপে বেআইনী আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande